বাক্সা, ২৭ এপ্ৰিল : চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই বাক্সাত সংঘটিত হ'ল আন এক চাঞ্চল্যকৰ ঘটনা ৷ এখন ৰাজহুৱা বিচাৰ সভাত নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল এগৰাকী যুৱতীক ৷ সম্প্ৰতি এটা ভাইৰেল ভিডিঅ'য়ে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
জানিব পৰা মতে বাক্সা জিলাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম আমবাৰীত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো ৷ য'ত ৰাজহুৱাভাৱে এগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰে দুজন যুৱকে ৷
অভিযোগ অনুসৰি যুৱতী গৰাকীৰ ওপৰত অনুষ্ঠিত হৈছিল ৰাজহুৱা বিচাৰ সভা ৷ বিচাৰ সভাত গাঁওখনৰ জেষ্ঠ ব্যক্তিৰ লগতে শতাধিক পুৰুষ, মহিলা উপস্থিত আছিল ৷ বিচাৰ চলি থকা সময়তে একাংশ যুৱকে খেদি খেদি প্ৰহাৰ কৰে যুৱতীগৰাকীক ৷
পিছে কিয় যুৱতী গৰাকীক এনেদৰে প্ৰহাৰ কৰিলে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই ৷ সম্প্ৰতি ভাইৰেল হোৱা ভিটিঅ’ টোৱে সমগ্ৰ জিলাখনতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: ১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য