বৰমা, 30 নৱেম্বৰ : বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিচিত আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী ৰণডংকা ৷ প্ৰতিটো দলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷
সোমবাৰে বাক্সাৰ শালবাৰীৰ হুদুখাটাত 21 নং শালবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ হৈ ইউপিপিএল দলৰ এখন বিশাল মহিলা সমাৰোহ অনুষ্ঠিত হয় । উক্ত সমাৰোহত ইউপিপিএল দলৰ মহিলা মৰ্চাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদিকা কিৰণ বসুমতাৰী উপস্থিত থাকি কয় যে, 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনত ইউপিপিএল দলক সাহসেৰে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ লগতে, বিটিচিত ইউপিপিএল দলৰ চৰকাৰ হ'ব বুলিও দাবী কৰে কিৰণ বসুমতাৰীয়ে ৷
আনহাতে, 22 নং কোকলাবাৰী পৰিষদীয় সমষ্টিত প্ৰাৰ্থী প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰত ইউ জি ব্ৰহ্মই অংশগ্ৰহণ কৰি দিয়া ভাষণত কয় যে, বিপিএফ দলৰ চিফ হাগ্ৰামা মহিলাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা 100 কৌটি টকা বিটিচি উন্নয়নৰ কাৰণে লাভ কৰা প্ৰথম কিস্তিৰ টকা কত কেনে ধৰণে খৰচ কৰিছে তাৰ হিচাব দিব নোৱাৰিলে সেয়েহে বাকী টকাখিনি কেন্দ্ৰীয় চৰকাৰলৈ ঘুৰি যোৱা বুলি মন্তব্য প্ৰদান কৰে ৷ ইফালে, হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ উন্নয়নৰ টকাৰে অগাধ সম্পত্তি গঢ়া বুলিও অভিযোগ প্ৰদান কৰিলে ৷
লগতে পঢ়ক : বিজেপিয়ে বিটিচি দখল কৰিলে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব : নীলমনি সেন ডেকা