ETV Bharat / state

বিগত 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচিক দুৰ্নীতিৰ নগৰলৈ ৰূপান্তৰ কৰিছিলঃ প্ৰমোদ বড়ো

author img

By

Published : Nov 11, 2020, 5:43 PM IST

গণ সমাবেশত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে কয় যে, বিগত ১৭ বছৰত হাগ্ৰামা মহিলাৰীয়ে হত্যা হিংসাৰে এটা আতংকময় পৰিবেশৰ সৃষ্টি কৰি ৰাখিছিল ৷ এতিয়া আমি সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তিময় পৰিবেশ গঢ়ি তুলিম ৷

PPL Mass Gathering at baksha
UPবিগত 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচিক দুৰ্নীতিৰ নগৰলৈ ৰূপান্তৰ কৰিছিলঃ প্ৰমোদ বড়ো

বাক্সা,11 নৱেম্বৰঃ বুধবাৰে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ গৃহ সমষ্টিত দলীয় বিশাল সভাৰ আয়োজন । গণ সমাবেশত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে কয় যে, হাগ্ৰামা মহিলাৰীয়ে যোৱা ১৭ বছৰত দুৰ্নীতিৰ নগৰী হিচাপে বিটিচিক ব্যৱহাৰ কৰিছিল ৷ এতিয়া আমি উন্নয়নৰ নগৰী হিচাপে স্থাপন কৰিম। ১৭ বছৰত হাগ্ৰামা মহিলাৰীয়ে হত্যা হিংসাৰে এটা আতংকময় পৰিবেশৰ সৃষ্টি কৰি ৰাখিছিল ৷ এতিয়া আমি সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তিময় পৰিবেশ গঢ়ি তুলিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

ইপিনে গণ সমাবেশত প্ৰমোদ বড়োৰ উপৰিও ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাতিৰাম বড়ো আৰু ২৬ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ফনিন্দ্ৰ নাৰ্জাৰী, 27 নং নাগ্ৰীজুলী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুশীল দাস, ২৯ নং শুক্লাইছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰী,৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়ো উপস্থিত থাকে । ইয়াৰ লগতে ইউ পিপিএল এল দলৰ প্ৰতিস্থাপক সভাপতি ইউ জি ব্ৰহ্মকো সভাত উপস্থিত থকা দেখা যায়।

লগতে পঢ়কঃ বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.