ETV Bharat / state

বাক্সাত বিটিচি নিৰ্বাচনৰ ৰণডংকাঃ ইউপিপিএল প্ৰাৰ্থীৰ পদযাত্ৰা - ইউপিপিএলৰ প্ৰাৰ্থী জগদ্বীশ ৰামছিয়াৰী

বাক্সা জিলাৰ 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জগদ্বীশ ৰামছিয়াৰীয়ে তিনিশতাধিক সমৰ্থকক লগত লৈ আজি সমষ্টিটোৰ থমনাত পদযাত্ৰা আৰম্ভ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰে ৷

বাক্সাত বিটিচি নিৰ্বাচনৰ ৰণডংকাঃ ইউপিপিএল প্ৰাৰ্থীৰ পদযাত্ৰা

author img

By

Published : Oct 22, 2020, 2:14 PM IST

বৰমা, 22 অক্টোবৰ : সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন ৷ নিৰ্বাচনত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে উঠিপৰি লাগিছে বিটিচিৰ বিভিন্ন ৰাজনৈতিক দল ৷ বাক্সা জিলাৰ 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জগদ্বীশ ৰামছিয়াৰীয়ে তিনিশতাধিক সমৰ্থকক লগত লৈ আজি সমষ্টিটোৰ থমনাত পদযাত্ৰা আৰম্ভ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ চেষ্টা কৰে ৷ সমষ্টিটোৰ থমনাৰ কাৰ্যালয়ত আৰম্ভ হোৱা এই পদযাত্ৰাই সাত কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজক সজাগ কৰাৰ বাবে এই কাৰ্যসূচী লয় ৷ সমষ্টিটো অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ঘনশ্যাম দাসৰ দখলত থকাৰ পাচতো এইবাৰ জগদ্বীশ ৰামছিয়াৰীয়ে জয়লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰিছে ৷ ৰাইজে এইবাৰ অবড়োৰ দখলত থকা দিহিৰা সমষ্টিটো ইউপিপিএল দলৰ হাতত অৰ্পণ কৰাৰ সংকল্প লোৱাৰ কথা সদৰি কৰে ইউপিপিএল দলৰ প্ৰাৰ্থী জগদ্বীশ ৰামছিয়াৰীয়ে ৷ তেওঁ কয় যে,তেওঁৰ জয় নিশ্চিত ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.