বাক্সা,5 আগষ্টঃ বুধবাৰে বাক্সাৰ কুমাৰীকাটাৰ চেচাপানীত ইউ পি পি এল দলৰ প্ৰতিস্থা দিৱস উদযাপন কৰা হয় ৷ দিনৰ ১১ বজাত দলৰ পতাকা উত্তোলন কৰে ২৬ নং দৰঙাজুলী পৰিষদীয় ব্লকৰ সভাপতি কমলেশ্বৰ বসুমতাৰীয়ে । চেচাপানী হাইস্কুল প্ৰাংগণত আয়োজন কৰা দলীয় সভাখনতে দৰঙাজুলী সমষ্টিৰ প্ৰাৰ্থী ফুনিন্দ্ৰ নাৰ্জাৰীয়ে কয় যে, ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিপিএফ আৰু বিজেপি দলে নিৰ্লজ্জ ৰাজনীতি কৰিছে । বিগত বৰ্ষ সমূহত বৰষুণ হোৱা নাছিল নেকি ? যাৰ কাৰণে এইবাৰ বিটিচিৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থকা মাজতে গাঁৱে গাঁৱে বিজেপি দলে যদি ১০ গাড়ী শিল বালি পেলাই আছে তাৰ বিপৰীতে বিপিএফ দলে ১৫ গাড়ী শিল বালি পেলাই জনসাধাৰণক আকৃষ্ট কৰিব বিছাৰিছে । এইয়া কেৱল ভোটাৰ স্বাৰ্থতহে কৰিছে বুলি নেতা গৰাকীয়ে বিজেপি আৰু বি পি এফক কটাক্ষ কৰে ।
আনহাতে কোকৰাঝাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ইউ পি পি এল আৰু বিজেপি দলৰ গোপন মিত্ৰতা হৈছে বুলি কোৱা প্ৰসংগত নেতা গৰাকীয়ে কয় যে, গণ সুৰক্ষা পাৰ্টীৰ ৪০টা সমষ্টিত কোনো ধৰণৰ নাম গোন্ধ নাই সেইহে ভোট আদায় কৰাৰ স্বাৰ্থতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে নৱ কুমাৰ শৰণীয়াই ৷
উল্লেখ্য যে, উক্ত সভাতে ইউ পি পি এল দলৰ সাংগঠনিক সম্পাদক মুজিৱ আলীয়ে নৱ কুমাৰ শৰণীয়াৰ মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সাংসদ গৰাকী হীমন্যতাত ভূগিছে প্ৰথম বাৰ বড়ো অবড়োৰ ৰাজনীতি কৰি সাংসদ হ'ল এইবাৰ ভূমিৰ অধিকাৰ দিম বুলি সাংসদ হ’ল ৷ এইবাৰ বিটিআৰ চুক্তি হোৱাৰ পিছত বড়ো অবড়োৰ ৰাজনীতি শেষ হ’ল সেইবাবেই সাংসদ গৰাকীয়ে হীমন্যতাত ভুগিছে আৰু বিপিএফৰ সৈতে গোপন বুজাবুজি আৰম্ভ কৰি এনেদৰে মন্তব্য প্ৰকাশ কৰিছে বুলি নেতাগৰাকীয়ে উল্লেখ কৰে ।
ইপিনে সভাখনত ইউ পি পি এলৰ উপ-সভাপতি হিৰণ্য চৌধুৰী, সম্পাদকদ্বয় ফৌইলা বৰগয়াৰী আৰু হজৰত আলী , সাংগঠনিক সম্পাদক মুজিব আলী উপৰিও কেইগৰাকী স্থানীয় ইউ পিপি এল দল নেতা কৰ্মী উপস্থিত থাকে । উক্ত সভাখনতে দৰঙাজুলী সমষ্টিটোৰ বিপিএফ আৰু ধীৰেন বড়ো গোটৰ প্ৰায় আঢ়ৈ শতাধিক পুৰুষ মহিলাই যোগদান কৰে ।
লগতে পঢ়কঃ ড্ৰোণ সাজি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এগৰাকী ছাত্ৰই