বাক্সা, ১৪ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৎপৰ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ । ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰেপৰা দিন ৰাতি একাকাৰ কৰি অব্যাহত ৰাখিছে নিজ দলৰ প্ৰচাৰ অভিযান । এইক্ষেত্ৰত ব্যতিক্ৰম নহয় বিটিআৰৰ অন্তৰ্গত ৰাজ্যৰ এক উল্লেখযোগ্য বিধানসভা সমষ্টি ছাপাগুৰীও । ৰবিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত ইউপিপিএল দলে উলিয়াই এক বিশাল বাইক ৰেলী । প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা ৰেলীটো মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণৰ পৰা আৰম্ভ কৰি বৰমা, টিহু, বাগানপাৰা, জালাহ, আঞ্চলি হৈ শিমলাত সামৰণি পেলায় ।
সমদলকাৰী সকলে ইউপিপিএল জিন্দাবাদ, জিএচপি জিন্দাবাদ, বিজেপি জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে মুছলপুৰ অঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে বাইক ৰেলী উদ্বোধন কৰি বিটিআৰৰ কাৰ্যবাহী সদস্যদ্বয়ে কয় যে আমি আগন্তুক বিধানসভা নিৰ্বাচনত যৌথ উদ্যোগত অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ, গতিকে আমাৰ প্ৰাৰ্থী কোন হ'ব সেয়া ডাঙৰ কথা নহয়, আমি কেবল ঐক্যতাৰে তেওঁকেই জিকাই নিবলৈ চেষ্টা অব্যাহত ৰাখিম । কিন্তু লক্ষণীয় বিষয় এই যে বাইক ৰেলীটোত একমাত্ৰ ইউপিপিএল দলৰ দলীয় পতাকাৰ বাহিৰে মিত্ৰজোঁটৰ আন দুই সহযোগী দল বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ এখনো দলীয় পতাকা অথবা প্ৰতীক পৰিলক্ষিত নহ'ল ।
লগতে পঢ়কঃখহনীয়াত উছন হোৱাৰ দিশে কংগ্ৰেছৰ ভেঁটি