বাক্সা,17 মে': বাক্সা জিলাতো ১৮-৪৪ বছৰৰ লোকক ক'ভিড-১৯ ৰ টীকাকৰণ প্ৰদান কৰা হয় । বাক্সাৰ জালাহ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত দেওবাৰৰ পৰা অনলাইনত ৰেজিষ্টাৰ হোৱা ১৫০ গৰাকী লোকৰ ভিতৰত ১০৯ গৰাকীক ক'ভিড ১৯ ৰ টীকাকৰণৰ বাবে ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় ৷ ইয়াৰে দুগৰাকী ব্যক্তিৰ ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হয় । ক'ভিড আক্ৰান্ত দুগৰাকী নলবাৰীৰ ৰহন নাথ(২২) আৰু বৰমাৰ দেৱাশীষ ব্ৰহ্ম(৪১) বুলি জানিব পৰা গৈছে । ক'ভিড আক্ৰান্ত লোক কেইগৰাকীক নিজ গৃহত চিকিৎসা গ্ৰহণৰ বাবে চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে ।
আনহাতে, দেওবাৰে স্বাস্থ্য কেন্দ্ৰটিত ৪৫ বছৰৰ ঊৰ্ধৰ ৯ গৰাকীকে ধৰি মুঠ ১১৮ গৰাকীক ক'ভিড-১৯ ৰ টীকা প্ৰদান কৰা হয় । বিগত ২৪ ঘন্টাত বাক্সাত ৬০ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছত জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা ৮৪৮ গৰাকীলৈ বৃদ্ধি পাইছে ।
উল্লেখ্য যে, সম্প্ৰতি বাক্সা জিলাত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৫৬৬ গৰাকী ৷ ইয়াৰ ভিতৰত মুঠ ২৭১ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ২৯ গৰাকী চিকিৎসালয়ত আৰু ৫৩৭ গৰাকীয়ে নিজ গৃহত চিকিৎসাধীন অৱস্থাত আছে । ইতিমধ্যে জিলাখনৰ ১১ গৰাকী লোকে ক'ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: অসমত ২৪ ঘণ্টাত ৫,৩৪৭ গৰাকী লোক আক্ৰান্ত কৰ'ণাত; মৃত্যু ৬৩ গৰাকীৰ !