ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 5, 2022, 1:06 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

বঙাইগাঁৱত যুৱতীৰ ৰহস্যজনক আত্মহত্যা

বঙাইগাঁৱৰ নাম্বাৰপাৰাত যুৱতীৰ আত্মহত্যা(Student from Bongaigaon commits suicide) ৷ কি কাৰণত যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’লে সেয়া স্পষ্ট হৈ উঠা নাই ৷ ইয়াক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে চাঞ্চল্যই ৷

Encounter at Chirang : ডকাইতৰ গুলীত আহত আৰক্ষী বিষয়া প্ৰকাশ মেধি

চিৰাঙৰ দুটা পৃথক স্থানত সোমবাৰে নিশা সংঘটিত হয় দুটাকৈ গুলীচালনাৰ ঘটনা(Encounter at two different places in Chirang) ৷ খুংগ্ৰিঙত সংঘটিত গুলীচালনাৰ ঘটনাত দুজন সন্দেহজনক প্ৰাক্তন NLFB সদস্য নিহত হোৱাৰ বিপৰীতে আহত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ লগতে তেওঁৰ এগৰাকী নিৰাপত্তাৰক্ষী ৷ আন এক ঘটনাত দুজনীয়া অস্ত্ৰধাৰী দলৰ গুলীত নিহত হৈছে ৰাজা বড়ো নামৰ এগৰাকী 20 বছৰীয়া যুৱক ৷

বিজেপি চৰকাৰক জনতা হত্যাকাৰী চৰকাৰ আখ্যা চি পি আই এমৰ

মূল্যবৃদ্ধি বিৰোধী প্ৰতিবাদেৰে আগৰতলাৰ ৰাজপথ কঁপালে চি পি আই এমে (CPIM protest in Agartala) ৷ বিজেপি চৰকাৰখন এখন জনতাক হত্যা কৰিব খোজা চৰকাৰ আখ্যা দিয়ে চি পি আই এমৰ নেতা পবিত্ৰ কৰৰ ৷

সাৱধান নগাঁওবাসী; চকুৰ পলকতে প্ৰৱঞ্চকে সলনি কৰিব পাৰে আপোনাৰ এটিএম

এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান হওক আপুনি । কাৰণ এটিএমৰ আশে-পাশে টিঘিলঘিলাই ফুৰিছে প্ৰৱঞ্চকৰ দল । এইবাৰ এটিএমৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ নতুন কৌশল অৱলম্বন কৰিছে প্ৰৱঞ্চকে ।

Fuel price hike : দুসপ্তাহত 9.20 টকা বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

মঙলবাৰেও বাঢ়িল ইন্ধনৰ মূল্য (Fuel price hike) । যোৱা ১৩ দিন ধৰি একেৰাহে বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । মঙলবাৰে পুনৰ ৮০ পইচাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত মূল্য বৃদ্ধি হয় । ২ সপ্তাহত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত মুঠ বৃদ্ধি হ'ল ৯.২০ টকা ।

ৰোগীক সুস্থ কৰিবলৈ চিকিৎসাকৰ্মীৰ নৃত্য

‘‘ সংগীতে যিকোনো ৰোগৰ ৰোগীক আৰোগ্য কৰিব পাৰে ’’ (Music can cure any person)এই কথাই প্ৰমাণ কৰিলে তেলেংগনাৰ এখন চিকিৎসালয়ে ৷ কৰিমনগৰ জিলাত এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকসকলে বহুদিন ধৰি শয্যাশায়ী হৈ থকা এজন ৰোগীক সুস্থ কৰি তুলিবলৈ চেষ্টা কৰি সংগীত আৰু নৃত্য চিকিৎসা ( Music therapy for patient) আৰম্ভ কৰাৰ ফলত এতিয়া তুলনামূলকভাৱে উন্নত হৈছে ৰোগীৰ স্বাস্থ্য ৷

Rajya Sabha Election: মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা স্বীকাৰ কৰিলে কংগ্ৰেছে

ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ বিধায়কে বি জে পিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিলে কংগ্ৰেছ দলে ৷ Cross voting আৰু টকা লেনদেনৰ সন্দৰ্ভত কোনো মন্তব্য নিদিবলৈ দলীয় নেতা-কৰ্মীলৈ সকীয়নী দিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত নৰহে (Cross voting in Rajya Sabha Election) ৷

কিশোৰী খুলশালীয়েকক অন্তঃসত্বা কৰি ৰঙা ঘৰৰ আলহী হ’ল ভিনিহীয়েক

ভিনিহীয়েকৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী (sexual harassment to a minor girl) । দুদিন পূৰ্বে স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে স্বাস্থ্য পৰীক্ষা কৰোৱাত কিশোৰীগৰাকী অন্তঃসত্বা বুলি ধৰা পৰে ।

৫০০ টন মিঠানল উৎপাদনৰ দিশে অসম পেট্ৰকেমিকেল

নামৰূপস্থিত অসম পেট্ৰকেমিকেল লিমিটেডৰ নৱ নিৰ্মিত ৫০০ টন মিঠানল প্ৰকল্পস্থলী পৰিদৰ্শন অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ(Minister Chandra Mohan Patowary visits Assam Petro Chemicals)। দেওবাৰে নিশা প্ৰকল্পটো পৰিভ্ৰমণ কৰি কাৰিকৰী বিষয়া সকলৰ লগত প্ৰকল্পটোৰ কামৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অধ্যক্ষ বিকুল ডেকা, পৰিচালন সঞ্চালক ৰাজনিশ গগৈ, উপাধ্যক্ষ হেমন্ত গগৈৰ লগতে প্ৰকল্পৰ জেষ্ঠ বিষয়াসকল ।

Ranbir Alia wedding: ব’হাগতে গাত মাহ-হালধি সানিব অলিয়াই

চলিত বছৰটোত বৈবাহিক জীৱন আৰম্ভ কৰাৰ কথা কেইবাজনো তাৰকাই ৷ এইখন তালিকাত শীৰ্ষ স্থানত আছে ৰণবীৰ-আলিয়াৰ নাম (Ranbir Alia wedding) । তিনি বছৰতকৈও অধিক সময় ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা ৰণবীৰ-আলিয়া 17 এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’ব (Ranbir Alia marriage date) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.