Assam Meghalaya Border Dispute: পুনৰ অসমৰ ভূমিত তাণ্ডৱ মেঘালয়ৰ দুৰ্বৃত্তৰ, শংকিত সীমান্তবাসী অসমীয়া
পুনৰ অসমৰ ভূমিত মেঘালয়ৰ দুৰ্বৃত্তৰ তাণ্ডৱ ৷ অসম-মেঘালয় সীমান্তৰ কাৰ্বি ভূমিত নৱ নিৰ্মিত উমলাফেৰ-হাবাং সংযোগী পথত নিশা তাণ্ডৱ চলালে মেঘালয়ৰ দুৰ্বৃত্তই ৷ ভাঙি লণ্ডভণ্ড কৰিলে কালভাৰ্টৰ ৱাল আৰু নামফলক স্থানৰ বাবে নিৰ্মাণ কৰা পকী খুঁটা ৷
Jayanta Malla Baruah in Nalbari : ধান ক্ৰয় কৰা দালালৰূপী ব্যৱসায়ীক সকিয়নী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
‘‘কৃষকৰ খবৰ নোলোৱা গ্ৰাম সেৱকক বৰ্খাস্ত কৰা হ’ব ৷ সেয়ে সকলোৱে নিজৰ নিজৰ দায়িত্ব সততাৰে পালন কৰক ৷’’ নলবাৰীত ধান ক্ৰয় কৰা দালাল ৰূপী ব্যৱসায়ীক মঙলবাৰে এনেদৰে সকিয়নী দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah in Nalbari) ৷ ভিন্ন প্ৰান্তত কম দামত কৃষকৰ পৰা ধান ক্ৰয় কৰা ব্যৱসায়ীৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
Mukroh Firing incident : মুক্ৰ’কাণ্ডৰ সাক্ষ্যগ্ৰহণ এজনীয়া তদন্ত আয়োগৰ
অসম-মেঘালয়ৰ কাৰ্বি ভূমিৰ মুক্ৰ’কাণ্ডৰ এমাহৰ অন্তত মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ কৰি’ডৰ নগৰত ডংকামোকামত এজনীয়া দণ্ডাধীশৰ তদন্ত আয়োগে সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰে (Hearing on Mukroh Firing incident)৷ মুক্ৰ’কাণ্ডৰ তদন্ত ও সাক্ষ্যগ্ৰহণৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত উপস্থিত হয় ৰাজ্য চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ এজনীয়া তদন্ত আয়োগ (Inquiry Committee of Mukroh incident)৷
Accident in Jonai: পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰতিদিন টাইমৰ সাংবাদিক ধীৰাজ মিৰি
জোনাই ৰাংকপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত প্ৰতিদিন টাইমৰ সাংবাদিক ধীৰাজ মিৰি ৷ সাংবাদিকগৰাকী ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ আহত ধীৰাজ মিৰিক স্থানীয়লোকৰ সহযোগত তাৎক্ষণিক ভাৱে চিকিৎসালয়ত ভৰ্তি ৷
Smriticharan program of Shivanath Barman : ড৹ শিৱনাথ বৰ্মনৰ সোঁৱৰণত ৰাজহুৱা স্মৃতিচাৰণ সভা
মঙলবাৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ড৹ শিৱনাথ বৰ্মনৰ সোঁৱৰণত এক ৰাজহুৱা স্মৃতিচাৰণ সভা (Shivanath Barman Smriticharan program held in Guwahati) ৷ এই সভাতে উন্মোচন কৰা হয় ড৹ শিৱনাথ বৰ্মনৰ ৰচনাৱলীৰ পাঁচটা খণ্ড ৷
Inter state boundary dispute : আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ দিশে এখোজ
অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত 2022বৰ্ষটো পৰিণত হৈছে এটা গুৰুত্বপূৰ্ণ বৰ্ষ হিচাপে ৷ দশক দশক ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে চলি থকা অসমৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰিছে লক্ষ্যনীয় পদক্ষেপ ৷ ইতিমধ্যেই অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ সৈতে কেইবাখনো চুক্তি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত স্বাক্ষৰ কৰা হৈছে ৷ 2022 বৰ্ষত দীৰ্ঘদিনীয়া এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িছে চৰকাৰ তাৰ বিতং তথ্য এই প্ৰতিবেদন...
20 বছৰৰ পুৰনি তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰন কৰি কেৱল চৰকাৰী ধনৰ অপচয় কৰিবলৈ বিচৰা হৈছে বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition leader debabrat Saikia)৷ 2008 চনত বিভিন্ন দল-সংগঠনৰ লগতে সৰ্বানন্দ সোণোৱাল আৰু ৰাম প্ৰসাদ শৰ্মাই বিৰোধিতা কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰি জনগণক ৰাজনৈতিকভাৱ আৰু ধৰ্মীয়ভাৱে উত্তেজিত কৰিব বুলি মন্তব্য কৰিছে বিৰোধী দলপতিগৰাকীয়ে ৷
Tunisha Sharma Death case: তুনিষা শৰ্মাৰ আত্মহত্যা সন্দৰ্ভত কি ক’লে মুকেশ খান্নাই ?
অভিনেত্ৰী তুনিষা শৰ্মাৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ । মাত্ৰ 20 বছৰ বয়সতে আত্মহত্যা কৰি পৃথিৱীৰ পৰা বিদায় লোৱা অভিনেত্ৰীগৰাকীৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ ছাঁ পৰিছে (Tunisha Sharma Death case) । যিকোনো বিষয়তে নিজৰ মতামত দিয়া অভিনেতা মুকেশ খান্নাই নিজৰ ইউটিউব চেনেলত এতিয়া এই আত্মহত্যা সন্দৰ্ভতো মত প্ৰকাশ কৰিছে ।
76th national football championship : সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাক লৈ আশাবাদী অসম দল
কাইলৈ অৰ্থাৎ ২৭ ডিচেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ’ব ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা (76th national football championship) ৷ এই ফুটবল প্ৰতিযোগিতাৰ প্ৰাকমুহুৰ্তত মঙলবাৰে চিৰাঙৰ চাপাগুৰীস্থিত হোটেল হিমালয়ত অসম দলে আয়োজন কৰে এক সংবাদমেলৰ (Santosh Trophy football championship) । এই সংবালমেলতে এইবেলি বাহিৰৰ পৰা কোনো ধৰণৰ হস্তক্ষেপ নোহোৱাকৈ কেৱল প্ৰতিভাসম্পন্ন খেলুৱৈৰ ওপৰত ভিত্তি অসমৰ দল বাচনি কৰা হৈছে বুলি সদৰী কৰে অসম ফুটবল দলৰ মুখ্য প্ৰশিক্ষক বিক্ৰান্ত শৰ্মাই ৷
Robbers arrested in Kamrup: কামৰূপ আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত
কামৰূপ আৰক্ষীৰ সফল অভিযান ৷ গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ ডকাইত (Robbers arrested in Kamrup) ৷ সোমবাৰে নিশা কামৰূপৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান ৷ অভিযানকালত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হয় দুই ডকাইত ৷