Pranjal Ghatowar : বিজেপিত যোগদানৰ সন্দৰ্ভত মন্তব্য প্ৰাঞ্জল ঘাটোৱাৰৰ
‘‘অসমীয়াত এষাৰ কথা আছে- হাতী গ’লে কুকুৰে ভুকিবই’’ ৷ ৰাজ্যত বহুচৰ্চিত প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ সন্দৰ্ভত এইদৰে মুখ খুলিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ঘাটোৱাৰে (Pranjal Ghatowar reacts on BJP joining rumour)৷
Bhupendra Patel oath ceremony : আজি গুজৰাটত শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত
সোমবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে (Gujarat CM Bhupendra Patel)। পেটেলৰ লগতে একাংশ নতুন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, ৰাজনাথ সিং, নীতিন গাডকাৰী, মনসুখ মাণ্ডভিয়া, পুৰুষোত্তম ৰূপালাৰ দৰে প্ৰবীণ নেতাইও অংশগ্ৰহণ কৰিব ৷ উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ৷
Girl Missing from Rangia: ৰঙিয়াৰ বামুণগাঁৱৰ পৰা 22 দিনে সন্ধানহীন এগৰাকী ছাত্ৰী
ৰঙিয়াৰ বামুণগাঁৱত ছাত্ৰীৰ নিৰুদ্দেশক লৈ চাঞ্চল্য(Girl missing from Rangia) । নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকীৰ নাম আমিনা বেগম ৷ ৰঙিয়াৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল আমিনা বেগম ৷ বিগত 22 দিনে সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী ৷ বিদ্যালয়লৈ বুলি 21 নৱেম্বৰত ওলাই গৈছিল ছাত্ৰীগৰাকী ৷ বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই ছাত্ৰীগৰাকীৰ ৷ ইতিমধ্যেই পৰিয়ালৰ লোকে কমলপুৰ থানাত দাখিল কৰিছে এজাহাৰ(Kamalpur police station) ৷ একাংশ লোকে ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে (suspect of kidnapping) ৷ আৰক্ষীক ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াবলৈ দাবী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ ৷
Assam govt to borrow Rs 800 crore again: উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ
নৱেম্বৰ মাহত প্রায় ১৬ হাজাৰ কোটি টকা ঋণ লোৱা অসম চৰকাৰে এইবাৰ পুনৰ ৮০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে(Assam govt to borrow Rs 800 crore again) । ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ১৩ ডিচেম্বৰত উক্ত অংকৰ ঋণ ল’ব দিছপুৰে । দিছপুৰৰ ধাৰৰ বোজাই অতিক্ৰম কৰিছে প্রায় ১ লাখ ৩৫ হাজাৰ কোটি টকা ।
CAA protest in Assam : কোন আৰক্ষী বিষয়াৰ বন্দুকেৰে গুলী ওলাইছিল চৰকাৰে জানে : সমুজ্জ্বল ভট্টাচাৰ্য
সোমবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় কা আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (Martyrs of CAA movement) ৷ অনুষ্ঠানত উপস্থিত থাকে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ লগতে নৱ-নিৰ্বাচিত সভাপতি উৎপল শৰ্মা ৷ কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমান্তৰালকৈ আগুৱাই নিব বুলি পুনৰ মত প্ৰকাশ কৰিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief advisor)৷
Fire in Tinsukia: বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল বাসগৃহ
বৰহাপজানৰ হুলুটুপু ১ নম্বৰ লাইনত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড(Fire breaks out in Tinsukia) ৷ ফলত সম্পূৰ্ণৰূপে ধবংসপ্ৰাপ্ত এটা বাসগৃহ ।
Nationwide signature campaign: কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি স্বাক্ষৰ অভিযান
কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ (Koth Population Control Act) সমৰ্থনত দেশজুৰি দেওবাৰৰ পৰা ১০০ দিনীয়া এক স্বাক্ষৰ অভিযান আৰম্ভ (Nationwide signature campaign )কৰিছে ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে ।
Protest in Lakhimpur: লখিমপুৰত বনমন্ত্রীৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰ
আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু প্ৰেৰণক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে ৷ ইয়াকে লৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷ ইয়াৰ মাজতেই অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্ত উলিয়াই নিয়াৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হ'ল লখিমপুৰ (AYM burn Forest Ministers effigy)।
দুৰ্ঘটনা সংঘটিত কৰি এগৰাকী বৃদ্ধাক হত্য়াৰ কৰাৰ পাছত পৈশাচিক আনন্দ এদল উদণ্ড যুৱকৰ ৷ আৰক্ষী থানাৰ পৰা 10 মিনিটৰ ভিতৰতে ওলাই অহা বুলি গৌৰৱবোধ কৰি হাতত জ্বলন্ত চিগাৰেট লৈ সামাজিক মাধ্যমত আপলোড কৰিলে ভিডিঅ’ (Bilasipara bikers video)৷
North East Festival: নৰ্থ-ইষ্ট ফেষ্টিভেলত মুখৰিত হৈ পৰিল আমেৰিকা
আমেৰিকাত অনুষ্ঠিত হ’ল নৰ্থ-ইষ্ট ফেষ্টিভেল (North East Festival) ৷ প্ৰবাসী অসমীয়াই একেলগে পাৰ কৰিলে মধুৰ সময় (America North East festival) ৷ অনুষ্ঠানটিৰ শোভা বঢ়ালে জুবিন গাৰ্গৰ উপস্থিতিয়ে ৷ বিভিন্ন ফেশ্বন শ্ব’ৰ পৰা আৰম্ভ কৰি জনজাতীয় নৃত্যৰ লগতে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিলে উত্তৰ-পূৱবাসীয়ে ৷