Blast at Duliajan: দুলীয়াজানত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু
দুলীয়াজানত সংঘটিত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু ৷ নিহত যুৱকজনৰ নাম ঋতুৰাজ মেচ (Blast at Duliajan)৷
DAC election in Dibrugarh: ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত আৰম্ভ ভোটদান প্ৰক্ৰিয়া
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (Deori Autonomous council election) । সেই অনুসৰি ইতিমধ্যে ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিতো ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (DAC election in Dibrugarh) । কলৌলোৱা দেউৰী গাঁৱৰ মধ্য ইংৰাজী বিদ্যায়লত পুৱা ৮ বজাৰ পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ।
Rasslila at Kaliabor: কলিয়াবৰৰ ৰাসত কেলি-গোপাল
শৰৎকালৰ বিতোপন পূৰ্ণিমাত শ্ৰীকৃষ্ণৰ প্ৰেমৰ ৰাসক্ৰীড়াই কলিয়াবৰৰ আকাশ-বতাহ মুখৰিত কৰিছে । ইতিহাস প্ৰসিদ্ধ হাটবৰ হাজাৰ অন্তৰ্গত পোন্ধৰগঞা ৰাইজে আড়ম্বৰপূৰ্ণভাৱে ৰাসক্ৰীড়া পৰিৱেশন কৰে । শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন্যতম মুখ্য ধৰ্মীয় উৎসৱ (Sri Krishna Ras at Kaliabor) ।
Bhabesh Kalita on Tollgate: ফৰচুনাৰ গাড়ী ল’ব পাৰিছে যেতিয়া ট’ল দিবই লাগিব !
ফৰচুনাৰ, টয়টা গাড়ী ল’ব পাৰিছে যেতিয়া ট’ল দিবই লাগিব(Tollgate on national hughway)৷ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰি বাজপেয়ীয়ে(Atal Bihari Vajpayee) বনাই থৈ যোৱা চাৰিলেন পথবোৰ মেৰামতিৰ বাবে ট’ল ল’বই লাগিব ৷ টোলগেটৰ সন্দৰ্ভত মঙলবাৰে এইদৰে মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita)৷
Darrang ASP arrested: দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ
দৰঙৰ কিশোৰী হত্যাকাণ্ডৰ নতুন মোৰ । এইবাৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন । এগৰাকী কিশোৰীৰ হত্যাৰ গোচৰৰ তদন্তত গাফিলতি কৰাৰ বাবে CID য়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল ধূলা থানাৰ OC উৎপল বৰাক (OC Utpal Borah arrested by CID)। উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন জেৰা চলাইছিল CIDয়ে । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসককো গ্ৰেপ্তাৰ ।
Deprived of Govt scheme: চৰকাৰী সুবিধাৰ পৰা বঞ্চিত পুৰণিগুদামৰ এটা দুৰ্ভগীয়া পৰিয়াল
আমগুৰিৰ দিখৌমুখৰ এটা দুৰ্ভগীয়া পৰিয়াল । যিটো পৰিয়ালে আজিলৈ চৰকাৰী আঁচনিৰ কোনো সুবিধা লাভ কৰা নাই (Helpless family in Amguri)। বিধৱা মহিলাগৰাকীৰ পৰিয়ালে অৱশেষত চৰকাৰক সা-সুবিধা প্ৰদানৰ বাবে অনুৰোধ জনাইছে ।
Raas Mahotsav 2022: টিহুত ৰাস মহোৎসৱৰ শুভাৰম্ভ
ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাসক লৈ ব্যাপক উছাহ উদ্দীপনা (Raas Mahotsav 2022) । উজনি-নামনি সকলোতে ৰাসৰ আয়োজন কৰা হৈছে । প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী জিলাৰ টিহুত ব্যাপকভাৱে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে (Tihu Raas festival)। জিলাখনৰ টিহুত ১১ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭০ সংখ্যক টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে ৷
Sherlyn Chopra on Rakhi Sawant: ৰাখীৰ বিৰুদ্ধে থানাত গোচৰ দি চৰ শোধালে শ্বাৰলিনে
অভিনেত্ৰী তথা প্ৰাপ্তবয়স্ক কন্টেন্ট ক্ৰিয়েটৰ শ্বাৰলিন চোপ্ৰাই ৰাখী সাৱন্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো বিচাৰে (Sherlyn Chopra on Rakhi Sawant) । শ্বাৰলিনে ৰাখীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দাখিল কৰিলে আন এটা অভিযোগ ।
Bhabesh Kalita distributed seeds: ৰঙিয়াৰ হাৰিয়ানদাবত বীজ বিতৰণ
ৰঙিয়াৰ হাৰিয়ানদাবত ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভবেশ কলিতাই কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে সৰিয়হৰ বীজ সিঁচে (BJPs state president Sows mustard seeds) । তেওঁ পথাৰত হাতত খৰাহি লৈ ৭০ বিঘা মাটিত সৰিয়হৰ বীজ সিঁচে ( Bhabesh Kalita Sows mustard seeds at Rangia) ।
Dengue cases in Assam: ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্য়া
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰাল ভাৱে ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা (Dengue cases on rise in Assam) ৷ কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে ।