ETV Bharat / state

বেতন অবিহনে শিক্ষকৰ কৰুণ মৃত্যু

বিনা বেতনেৰে শিক্ষকতা কৰি অৱশেষত চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক সাৱটিবলগীয়াত পৰিল বাক্সা জিলাৰ গোৰেশ্বৰৰ শিক্ষক জানিৰাম ডেকাই৷

author img

By

Published : May 14, 2019, 4:51 AM IST

বেতন অবিহনে শিক্ষকৰ কৰুণ মৃত্যু

গোৰেশ্বৰ : ৩৫ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি অৰ্থৰ অভাৱত সোমবাৰে মৃত্যুক সাৱটিলে গোৰেশ্বৰৰ আউৰীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জানিৰাম ডেকাই৷ ১৯৮৪ চনতে বাক্মা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ আউৰীয়াপাৰা গাঁৱত নিজা প্ৰচেষ্টাত বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্বত নিয়োজিত আছিল জানিৰাম ডেকা৷

বিদ্যালয় খনে ১৯৯০ চনতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা স্বীকৃতি লাভ কৰিছিল যদিও বিভাগটোৰ হেমাহিৰ বাবে আজিলৈ প্ৰাদেশিকৃত হোৱাৰ পৰা বঞ্চিত হৈ থাকিল৷ যাৰ ফলতেই দীৰ্ঘদিনে বেতন লাভৰ পৰাও বঞ্চিত হৈ থাকে দুৰ্ভগীয়া শিক্ষক গৰাকী৷ অৰ্থৰ অভাৱৰ বাবে শৰীৰত থিতাপি লোৱা বেমাৰৰ চিকিৎসা কৰিব নোৱাৰি সোমবাৰে কৰুণভাৱে মৃত্যুক সাৱটে শিক্ষকগৰাকীয়ে৷ জানিৰাম ডেকাৰ অকাল মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।

Intro:জ্ঞানৰ পোহৰ বিলাবৰ বাবে বিদ্যালয় স্থাপন কৰি ৩৫ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি অৱশেষত চিকিৎসাৰ অভাৱত কৰুণ মৃত্যুক সাৱটি ব লগা হল বাক্মা জিলাৰ গোৰেশ্বৰৰ এগৰাকী শিক্ষকে।Body:তামুলপুৰ,১৩/৫/২০১৯
বাক্মা জিলাৰ গোৰেশ্বৰৰ আউৰীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জানিৰাম ডেকা ৫৩ আৰ্থিক অভাৱৰ বাবে চিকিৎসা গ্ৰহণ কৰিব নোৱাৰি অকাল মৃত্যু ক সাবটি ব লগা ঘটনাই অঞ্চল টোত শোকৰ ছা পেলাইছে।১৯৮৪ চনতে বাক্মা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ আউৰীয়াপাৰা গাঁৱৰ ৰাইজৰ সহযোগত ছাত্ৰ ছাত্ৰী ক জ্ঞানৰ পোহৰ বিলাবৰ বাবে এখন প্ৰথমিক বিদ্যালয় স্থাপন কৰি নিজে প্ৰধান শিক্ষক ৰ দায়িত্ব গ্ৰহণ কৰি নিৰবিচিন্ন ভাবে শিক্ষা প্ৰদান কৰি আহিছিল।এই বিদ্যালয় খনে ১৯৯০ চনত অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা স্বীকৃতি ও লাভ কৰিছিল যদিও বিভাগ টোৰ হেমাহীৰ বাবে আজিলৈ প্ৰাদেশিকৃত হোৱাৰ পৰা বঞ্চিত হৈ থাকিল।বিদ্যালয় খন প্ৰাদেশিকৃত নোহোৱাৰ ফলত শিক্ষক গৰাকীয়ে আৰ্থিক অভাৱৰে পানীত হাহ নচৰা অৱস্থাৰে জীৱন অতিবাহিত কৰি শেষত চিকিৎসা ৰ অভাৱত তিনিটা দিন বিচনাত ছত ফতাই থাকি কৰুণ ভাবে মৃত্যু ক সাৱতি ললে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.