ETV Bharat / state

লক ডাউনঃ বাক্সাত তামুলপুৰ প্ৰেছ ক্লাৱৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

author img

By

Published : Apr 6, 2020, 7:27 PM IST

দেশজুৰি চলা লক ডাউনৰ বাবেই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দৰিদ্ৰ লোকসকলৰ মাজত । হাজিৰা কৰি খোৱা ব্যক্তিসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত তামুলপুৰ প্ৰেছক্লাৱে সোমবাৰে খাদ্য বিতৰণ কৰে দৰিদ্ৰ পৰিয়াল কেইটাৰ মাজত ।

বাক্সা
তামুলপুৰ প্ৰেছ ক্লাৱৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ

বাক্সা, ৬ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা ২১ দিনীয়া লক ডাউনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । তেনে ক্ষেত্ৰত তামুলপুৰ অঞ্চলৰ ঠেলা চালক, ৰিক্সাৱালা সকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে । ফলত পৰিয়ালটো উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত লঘোনে থাকিবলগীয়া হৈছে পৰিয়ালকেইটা ।

সেই সকল দিন হাজিৰা কৰি খোৱা পৰিয়াল সমূহক সামান্য সকাহ দিয়াৰ উদ্দেশ্যে তামুলপুৰ প্ৰেছ ক্লাৱে সোমবাৰে অঞ্চলটোৰ ৮০ গৰাকী লোকৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ আলু আদি বিতৰণ কৰে।

তামুলপুৰ প্ৰেছক্লাৱৰ সভাপতি খগেন বৈশ্যই আনুষ্ঠানিকভাৱে খাদ্য সামগ্ৰীৰ বিতৰণ শুভাৰম্ভ কৰে । লগতে উপ-সভাপতি চক্ৰেশ্বৰ ডেকা, সাধাৰণ সম্পাদক ৰজনী বৰ্মনৰ নেতৃত্বত প্ৰেছ ক্লাৱৰ সদস্য সকলে তামুলপুৰ অঞ্চলটোৰ ওডালগুৰি, কালাকুছি, চাৰাংবাৰী, পূনীয়া, কচুবাৰী, সৌৰাগুৰি আদি অঞ্চলত প্ৰেছ ক্লাৱৰ সদস্যসকলে ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.