ETV Bharat / state

বাক্সাত ৫ বছৰৰ তলৰ ১৩ সহস্ৰাধিক শিশুক সামৰি পলিঅ’ উপ ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ কাৰ্যসূচী - শিশুক পলিঅ’ প্ৰতিষেধক সেৱন

১০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় পলিঅ’ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস ৷ বাক্সা জিলাত শূণ্যৰ পৰা ৫ বৰ্ষৰ ১৩০৯০৩ গৰাকী শিশুক সামৰি এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব (Sub National Immunization Day) ৷

Sub National Immunization Day 2023 program to be held in Baska on 10th Dec
দ্বিতীয় পলিঅ’ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:47 AM IST

দ্বিতীয় পলিঅ’ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস

বাক্সা, ৯ ডিচেম্বৰ : ৰাজ্যৰ ১৯ খন জিলাত অহা ১০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় পলিঅ’ উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ কাৰ্যসূচী ৷ এই দিৱসৰ লগত ৰাখি সংগতি ৰাখি শুকুৰবাৰে জিলা আয়ুক্ত সভাগৃহত বাক্সা জিলাৰ সদৰ মহকুমাধিপতি আৰু স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত ডাঃ দীপাংকৰ নাথে এখন সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত বাক্সা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মনোজ কুমাৰ দাস, জিলা টীকাকৰণ বিষয়া ডাঃ হিতেশ কাকতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বাক্সা জিলাৰ সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্ত উপস্থিত থাকে ৷ বাক্সা জিলাৰ সংবাদ বিশেষজ্ঞ প্ৰশান্ত কুমাৰ দত্তই আঁতধৰা সংবাদমেলত জিলাৰ টীকাকৰণ বিষয়া ডাঃ হীতেশ কাকতিয়ে ১০ ডিচেম্বৰৰ পৰা হ'ব লগা এই উপ ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ সফল ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা লোৱা বিতং কাৰ্যসূচী সন্দৰ্ভত এক চমু অৱলোকন দাঙি ধৰে ।

এই অভিযানৰ অধীনত জিলাখনত শূণ্য পৰা ৫ বছৰৰ ভিতৰৰ মুঠ ১৩০৯০৩ গৰাকী শিশুক পলিঅ’ প্ৰতিষেধক সেৱন কৰোৱা হ’ব । সেই অনুপাতে বৰমা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১০০৬০ গৰাকী শিশু, গোলাগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৬৬৯০ গৰাকী শিশু, জালাহ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩৩০৯৬ গৰাকী শিশু, মুছলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩০৪৫৬ গৰাকী শিশু, নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১৮৫৯৭ গৰাকী শিশু আৰু তামুলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩২০০৪ গৰাকী শিশু চিনাক্ত কৰা হৈছে ।

শূণ্য পৰা ৫ বৰ্ষ সকলো শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলাখনৰ আন্তঃগাঁথনি সুদৃঢ় ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মনোজ কুমাৰ দাসে জানিবলৈ দিয়ে যে ইতিমধ্যে ৭৮০ টা পলিঅ’ বুথৰ লগতে ১৫ টা দুৰ্গম অঞ্চলত ১৪ টা ম’বাইল মেডিকেল সেৱা সংস্থাপন কৰা হৈছে ।

জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত ডাঃ দীপাংকৰ নাথে সদৰী কৰে যে এই উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ অধীনত স্বাস্থ্য কৰ্মী সকলে স্বাস্থ্য কেন্দ্ৰৰ উপৰিও ঘৰে ঘৰে গৈ পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিব । ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ শিক্ষা, সমাজ কল্যাণ আৰু প্ৰতিটো ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহক এই উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ বিশেষ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনোৱা হয় ।

লগতে পঢ়ক : সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচতেই নগাঁৱত প্ৰথমখন খচৰা ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.