বৰমা, ৯ আগষ্টঃ বাক্সা জিলাৰ নিকাছিত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ চমুকৈ (এবছু) নিকাছি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভাখন ৷ সভাখনত সভাপতিত্ব কৰে মিথিংগা ৰামছিয়াৰীয়ে ৷
দেওবাৰে বাক্সা জিলাৰ নিকাছিত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সভাত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ-সন্থা চমুকৈ এবছুৰ সাধাৰণ সম্পাদক বাচিৰাম স্বৰ্গীয়াৰী । সাধাৰণ সম্পাদকজনে সাংবাদিকৰ আগত মন্তব্য কৰে যে,বৰ্তমান প্ৰতিযোগিতাৰ যুগ,এই প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাৰ ভাবেৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । বৰ্তমান প্ৰতিযোগিতাৰ যুগত আইএএচ,আইপিএচ লাভৰ বাবে অধ্যয়নত লিপ্ত হোৱা পৰিলক্ষিত হৈছে । এয়া শুভ লক্ষণ বুলি অভিহিত কৰি আজিৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত মনোনিৱেশ কৰিলে সাফল্য নোহোৱাৰ কাৰণ নাই । সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাৰ ভাৱেৰে অধ্যয়ণ কৰিলে সফলতা লাভ কৰিব বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷
আগন্তুক সময়ত ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় । নিখিল বড়ো ছাত্ৰ সন্থাৰ নিকাছি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা সভা খনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ২ জন আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ৩ জন ছাত্ৰ-ছাত্ৰীক একোখনকৈ অভিধান আৰু আৰ'নাইৰে সম্বৰ্ধনা জনোৱা হয় ।
মিথিংগা ৰামছিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মিথিংগা ৰাজা বসুমতাৰী,নিকাছি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি মান্নাসিং ব্ৰহ্ম,সম্পাদক বিপিন নাৰ্জাৰী,নিকাছি আঞ্চলিক সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বীনা বসুমতাৰী,সম্পাদিকা জোনালী ব্ৰহ্মৰ লগতে অঞ্চলটোৰ বহু ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷
লগতে পঢ়ক- নিৰ্বাচনী প্ৰচাৰত নামিছে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম