ETV Bharat / state

ইউক্ৰেইনত আৱদ্ধ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ছাত্ৰ

author img

By

Published : Mar 2, 2022, 1:32 PM IST

চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ডিচেম্বৰ মাহত ইউক্ৰেইনলৈ গৈছিল মনোজ । বিগত তিনিমাহ অধ্যয়নত ব্যস্ত থকাৰ মাজতে আহিল ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ দুখবৰটো ৷ যাৰবাবে এতিয়া ইউক্ৰেইনত আৱদ্ধ হৈ আছে মনোজ ৷

student from tamulpur trapped in ukraine
ইউক্ৰেইনত আৱদ্ধ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ছাত্ৰ

তামুলপুৰ, 2 মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ এজন ছাত্ৰ । ছাত্ৰজন গোৰেশ্বৰৰ চি আৰ পি এফ জোৱান দিবাকৰ ডেকা আৰু টিলু ডেকাৰ পুত্ৰ মনোজ ডেকা ৷ ডিচেম্বৰ মাহত ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে গৈছিল মনোজ । কিন্তু সম্প্ৰতি ইউক্ৰেইনৰ সংকটৰ(Russia Ukraine conflict) বাবে বহুকেইগৰাকী ভাৰতীয় ছাত্ৰসহ হোষ্টেলতে আৱদ্ধ হৈ আছে মনোজ ।

সাংবাদিকৰে হোৱা ভিডিঅ’ বাৰ্তালাপত ছাত্ৰগৰাকীয়ে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ সবিশেষ বৰ্ণনা কৰে । আনহাতে মনোজক পুনৰ ঘৰলৈ উভতাই অনাৰ বাবে চৰকাৰৰ তৰফৰ পৰাও ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা জানিব পৰা হৈছে ৷ চৰকাৰৰ নিৰ্দেশত বুধবাৰে ছাত্ৰগৰাকীৰ ঘৰত উপস্থিত হয় তামুলপুৰ জিলাৰ উপায়ুক্ত ৷ তেওঁ পৰিয়ালটোক শান্তনা দিয়াৰ লগতে মনোজৰ লগত প্ৰশাসনে যোগাযোগ কৰি থকাৰ কথা জানিবলৈ দিয়ে ।

তামুলপুৰ জিলাৰ উপায়ুক্ত

উপায়ুক্তগৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত চৰকাৰৰ নিৰ্দেশত মনোজৰ ঘৰত খবৰ ল’বলৈ অহাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ জিলাখনৰ পৰা ইউক্ৰেইনত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে সম্পূৰ্ণ ব্যৱস্থা হাতত লোৱাৰ কথা জানিবলৈ দিয়ে ৷ ইফালে ছাত্ৰগৰাকীৰ মাতৃ টিলু ডেকাই সাংবাদিকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুত্ৰৰ লগতে আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সোনকালে উদ্ধাৰ কৰি আনিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Russia Ukraine Crisis : মাতৃভূমি অভিমুখে ৰাওনা তেজপুৰৰ প্ৰতীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.