ETV Bharat / state

বিটিচিত বিজেপিৰেই শাসন চলিব বুলি আশাবাদী ৰেখাৰাণী দাস বড়ো - বাক্সা

ভাৰতীয় জনতা পাৰ্টীৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিৰ এক সাংগঠনিক সভাত বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো উপস্থিত হৈ বিটিচিত বিজেপিৰ চৰকাৰ হ’বই বুলি মন্তব্য কৰে ৷

State BJP Vice President Rekha Rani Das Boro at Baksa
বাক্সাত ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো
author img

By

Published : Oct 1, 2020, 9:35 PM IST

বৰমা, 1 অক্টোবৰ: বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত ভাৰতীয় জনতা পাৰ্টীৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিৰ এক সাংগঠনিক সভাত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো ৷ সভাত অংশগ্ৰহণ কৰি উপ সভানেত্ৰী গৰাকীয়ে কয় যে, ‘‘ৰাইজে বিজেপিক বিচাৰিছে আৰু বিটিচিত বিজেপিক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে ৷ চৰকাৰৰ অংশীদাৰ বিজেপিয়েই হ’ব’’ ৷

বাক্সাত ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো

লগতে তেওঁ কয় যে,‘‘63 নং চাপাগুৰি বিধানসভা সমষ্টিত 229 টা বুথ কমিটি গঠন হৈছে ৷ সকলো মণ্ডল,মৰ্চা আদিও সক্ৰিয় হৈ আছে ৷ চাপাগুৰিৰ জনসাধাৰণে বিজেপিক মজবুত কৰাৰ কাৰণে সকলো ধৰণৰ কাম-কাজ কৰি আছে’’ । কৰ’ণাৰ ভয়াবহতাৰ বাবেহে নিৰ্বাচন পিছুৱাবলগীয়া হৈছে, ইয়াত কোনো ৰাজনীতি জড়িত নাই বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: ইছলাম এক ধৰ্ম নহয়,ক্ষমতা দখলৰহে প্ৰক্ৰিয়া: সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.