বাক্সা, ৪ এপ্ৰিলঃ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নানান আপত্তিজনক সামগ্ৰী ৷ বৃহস্পতিবাৰে বাক্সাৰ খৈৰাণীতো আৰক্ষীয়ে জব্দ কৰিলে 1.5 লাখ টকা নগদ ধন ৷ দুপৰীয়া প্ৰায় 2 বজাত আইনাল হুছেইন নামৰ ব্যক্তিগৰাকীৰ বাহনৰ পৰা এছএছ টিমে উদ্ধাৰ কৰে এই বৃহৎ পৰিমানৰ ধনৰাশি ৷ আইনাল হুছেইন বৰপেটা জিলাৰ ২নং টংলা গাঁৱৰ বাসিন্দা ।
জব্দকৃত ধনখিনি ইতিমধ্যে আৰক্ষীয়ে মুছলপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷