ETV Bharat / state

বাক্সাৰ ১ নং জামুগুৰিলৈ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই - বাক্সা

যিহেতু ৰাজ্য খনত যোৱা মঙলবাৰৰ পৰা পুনৰ ধৰাসাৰ বৃষ্টিপাত হৈ আছে সেয়ে উক্ত গাঁওখনে যিকোনো মুহূৰ্ততে গৰাখহনীয়াৰ কৱলত পৰাৰ আশংকাত স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ।

বাক্সাৰ ১ নং জামুগুৰীলৈ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই
author img

By

Published : Jul 11, 2019, 1:41 PM IST

বাক্সা, ১১ জুলাই :বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১ নং জামুগুৰি গাঁৱৰ আৰ্চিগুৰীৰ আদিবাসী চুপালৈ গৰাখহনীয়াই কঢ়িয়াই আনিছে ভাবুকি । ইতিমধ্যে গৰাখহনীয়াৰ কৰবলত পৰি গাঁওখনৰ পৰহিনীতা উৰাং নামৰ এগৰাকী বিধবা মহিলাৰ প্ৰায় দুই বিঘা মাটি পানীত জাহ গৈছে ।

বাক্সাৰ ১ নং জামুগুৰীলৈ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই

জানিব পৰা মতে সাধাৰণ দোং এটাৰ পানীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি মহিলাগৰাকীৰ মাটিৰ লগতে গাঁওবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে । যিহেতু ৰাজ্য খনত যোৱা মঙলবাৰৰে পৰা পুনৰ ধৰাসাৰ বৃষ্টিপাত হৈ আছে সেয়ে উক্ত গাঁওখন যিকোনো মুহূৰ্ততে গৰাখহনীয়াৰ কৱলত পৰাৰ আশংকাত স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে । উপায়ন্তৰ হৈ ৰাইজে স্থানীয় জনপ্ৰতিনিধি সকলৰ সহায়-সহযোগিতা কামনা কৰিছে ৷

Intro:বাক্সাৰ ১ নং জামুগুৰীলৈ গৰাহখনীয়া ভাবুকি কঢ়িয়াই আনিছে ।Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ১ নং জামুগুৰী গাঁৱৰ আৰ্চিগুৰীৰ আদিবাসী চুপালৈ গৰাহখনীয়াই কঢ়িয়াই আনিছে ভাবুকি । ইতিমধ্যে গৰাহখনীয়াৰ ফলত গাওঁখনৰ পৰহিনীতা উৰাং নামৰ এগৰাকী বিধবা মহিলাৰ প্ৰায় দুই বিঘা মাটি জাহ গৈছে । গৰাহখনীয়াই মহিলাগৰাকীৰ মাটিত সাগৰ সদৃশ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যাৰ ফলত বিধবা মহিলাগৰাকীয়ে মাটি দৰাত কোনো ধৰণৰ খেতি বাতি কৰিব নোৱাৰি মুৰে কপালে হাত দিবলগীয়া হৈছে । জানিব পৰা মতে সাধাৰণ দোং এটাৰ পানীয়ে গৰাহখহনীয়াৰ সৃষ্টি কৰি মহিলাগৰাকীৰ মাটিৰ লগতে গাওঁবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে । ইপিনে গাওঁখনে যিকোনো মুহূৰ্ততে গৰাহখনীয়াৰ কবলত পৰাৰ আশংকাত ভূগি দিন কটাব লগীয়া হৈছে । যিহেতু ৰাজ্য খনত যোৱা মঙ্গলবাৰৰে পৰা পুনৰ ধৰাসাৰ বৃষ্টিপাত হৈয়ে আছে ।Conclusion: উল্লেখ্য যে ৰাইজে স্থানীয় জনপ্ৰতিনিধি সকলক সময়ে পালে ১নং জামুগুৰী গাওঁলৈ নজৰ দিবলৈ আহ্বান জনাইছে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.