ETV Bharat / state

Silver Jubilee Celebration in Baksa: দুদিনীয়া কাৰ্যসূচীৰে বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ পালন - বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ পালন

বাক্সাৰ বৰমাত আজিৰে পৰা দুদিনীয়াকৈ বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ পালন (Silver Jubilee Celebration in Baksa) ৷

silver-jubilee-celebration-in-barma-batho-ashram-high-school
Silver Jubilee Celebration in Baksa: দুদিনীয়া কাৰ্যসূচীৰে বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ পালন
author img

By

Published : Oct 26, 2022, 6:42 PM IST

বাক্সা, ২৬ অক্টোবৰ: বাক্সা জিলাৰ বৰমাত থকা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়(Silver Jubilee Celebration in Baksa)৷ ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই ৰূপালী জয়ন্তী উৎসৱৰ(Silver Jubilee Celebration in Barma Batho Ashram High School) ৷ আজি অৰ্থাৎ বুধবাৰে পুৱা অনুষ্ঠানৰ মুখ্য দ্বাৰ উন্মোচন কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীয়ে ৷

দুদিনীয়া কাৰ্যসূচীৰে বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ পালন

অনুষ্ঠানত ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি ২৫ খন পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পাছতেই ৰবিৰাম বড়ো সোৱঁৰণী মঞ্চ, মংগল সিং নাৰ্জাৰী সোৱঁৰণী ভোজনালয়, বগাধৰ চৌধুৰী সোৱঁৰণী অতিথিশালা গৃহ উন্মোচন কৰা হয় ৷ ১১ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ লগতে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে বাক্সা জিলাৰ স্কুল পৰিদৰ্শক ভবেন দেউৰীয়ে ৷

কাইলৈ অৰ্থাৎ ২৭ অক্টোবৰত পুৱা ৭ বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হব দিনটোৰ কাৰ্যসূচী ৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ পাছতে ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰিব বৰমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমণি গোস্বামীয়ে ৷ দুপৰীয়া ১২ বজাৰ পৰা ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হব মুকলি অধিৱেশন ৷

মুকলি অধিৱেশনত উপস্থিত থাকিব বিধায়ক ৰোমিঅ' পি নাৰ্জাৰী, অসম চৰকাৰৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, ৰাকেশ ব্ৰহ্ম ইএম, প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম, অনসুমৈ শুংগুৰ বড়ো, প্ৰাক্তন ই,এম, শিক্ষক বিনন্দ স্বৰ্গীয়াৰীৰ লগতে বৰমাৰ জেষ্ঠ নাগৰিকসকল । সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক অনুষ্ঠান উন্মোচন কৰিব নাট্যকাৰ পংকজ লাহাড়ীয়ে ৷

ৰূপালী জয়ন্তী অনুষ্ঠানটি সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োক সভাপতি, গদাধৰ বড়োক কাৰ্যকৰী সভাপতি, গুণাৰাজা বসুমতাৰীক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি ইতিমধ্যে গঠন কৰি উলিওৱা হৈছে ৷ উল্লেখ্য যে পূৰ্বতে হ'ব লগা বৰমা বাথৌ আশ্ৰম হাইস্কুলৰ ৰূপালী জয়ন্তী কোভিদ মহামাৰীৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল(Covid 19) ৷

লগতে পঢ়ক: Phani Sharma Memorial Monument : মৃত্যুৰ ৫২ বছৰ পিছত তেজপুৰত নটসূৰ্যৰ স্মৃতি সৌধ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.