বাক্সা,1 এপ্ৰিল: বাক্সা জিলাৰ অদালবাৰীত বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৬৩ নং চাপাগুৰী সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয় যে, সকলো শ্ৰেণীৰ লোকক কাম কৰা ইউ জি ব্ৰহ্মক বিজয়ী কৰাব লাগিব । প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ প্ৰশাসনে বৃদ্ধ, যুৱক-যুৱতীৰ লগতে সকলোৰে উন্নতি কৰিছে । কংগ্ৰেছ, এআইইউডিএফ আৰু বিপিএফৰ মিত্ৰতা অপৱিত্ৰ মিত্ৰতা বুলি সোণোৱালে প্ৰকাশ কৰে ।
বিজেপি চৰকাৰে বিগত পাঁচ বছৰে সুশাসনৰ প্ৰতিশ্ৰুতি দিছে আৰু তাক আখৰে আখৰে পালন কৰিছে ৷ নৰেন্দ্ৰ মোডীয়ে সবকা সাথ সবকা বিকাশ নীতিৰে সকলো শ্ৰেণীৰ লোকৰ উন্নতি কৰিছে । ইউ জি ব্ৰহ্ম বড়ো জনগোষ্ঠীৰ কাৰণে সুখ্যাতিৰে ৰাজ্যসভাৰ সাংসদ হৈছিল । ইউ জি ব্ৰহ্মক বিজয়ী কৰাবলৈ সোণোৱালে আহ্বান জনাই চাপাগুৰী ৰাইজক ।
সভাত উপস্থিত মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ঘৰখনৰ বহু দায়িত্ব মহিলাৰ ওপৰত ন্যস্ত থাকে ৷ এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহে ৩ হাজাৰকৈ লাভ কৰিব মহিলাসকলে ৷ তদুপৰি ১০ লাখ লোকক কৰ্ম সংস্থাপন দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । মুখ্যমন্ত্ৰী কৃষি আঁচনিৰ অধীনত কৃষকে ১০ হাজাৰ টকা, আত্মসহায়ক গোটে ৫০ হাজাৰ টকা আৰু ষাঠি বছৰৰ উৰ্দ্ধৰ সকলোৱে বৃদ্ধ পেঞ্চন লাভ কৰিব বুলি মুখ্য়মন্ত্ৰী সোণোৱালে আশ্বাস প্ৰদান কৰে ।
বিজেপিয়ে বিটিআৰত মাটিৰ পট্টা প্ৰদান কৰিছে । ইয়াত বাস কৰা সকলো জাতিয়ে ভূমিৰ অধিকাৰ পাব, ভাষাৰ অধিকাৰ পাব । আদিবাসী, বড়ো, গোৰ্খা আদিয়ে লাভ কৰিলে মাটিৰ পট্টা । আত্মসহায়ক গোটে এতিয়াৰে পৰা ৮০ হাজাৰকৈ টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷ বিটিআৰৰ 12 টা সমষ্টিত বিপিএফক বিদায় দিব লাগিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে ।
লগতে পঢ়কঃ বাক্যবাণ: হিমন্ত বিশ্ব শৰ্মা বনাম অজিত কুমাৰ ভূঞা