ETV Bharat / state

বাক্সা জিলাত শৰণীয়া-কছাৰী কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ পালন - শৰনীয়া-কছাৰী কেন্দ্ৰীয় বাঁহ গোহাই উৎসৱ

বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকাটা মিঠা ৰাম দাস সমন্বয় ক্ষেত্ৰত ১৯ আৰু ২০ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শৰণীয়া-কছাৰী কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ পালন কৰা হয় ।

বাক্সা জিলাত শৰনীয়া-কছাৰী কেন্দ্ৰীয় বাঁহ গোহাই উৎসৱ পালন

author img

By

Published : Apr 21, 2021, 1:50 PM IST

বাক্সা, 21 এপ্ৰিল : উদুলি-মুদুলি বাক্সাৰ মিঠাৰাম সমন্বয় ক্ষেত্ৰ । বাক্সা জিলাত অসমৰ অন্যতম জনগোষ্ঠী শৰণীয়া-কছাৰীসকলৰ কেন্দ্ৰীয় বাঁহ গোঁসাই ঊৎসৱ পালন ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰত ১৯ আৰু ২০ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় বাঁহ গোঁসাই ঊৎসৱ অনুষ্ঠিত কৰা হয় । ৰাতিপুৱা ৮ বজাত উৎযাপন সমিটিৰ সভাপতি বীৰেন দাসৰ দ্বাৰা দ্বিতীয় দিনাৰ(অন্তিম) কাৰ্যসূচীত গোঁসাই ধ্বজা উত্তোলন কৰা হয় ৷ ইয়াৰ পিচতেই পতাকা উত্তোলন কৰে ক্ৰমে প্ৰবীণ ডেকা শৰণীয়া(সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি), প্ৰমিলা দাস (শৰণীয়া কছাৰী নাৰী মঞ্চৰ সভানেত্ৰী), মহেশ্বৰ শইকীয়া (শৰণীয়া কছাৰী সন্মীলনী অসমৰ সভাপতি), সোণবৰ বৰুৱাই (শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি) ৷

বাক্সা জিলাত শৰনীয়া-কছাৰী কেন্দ্ৰীয় বাঁহ গোহাই উৎসৱ পালন

পুৱা ১০ বজাত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ কুমুদ দাসে মুকলি কৰে বাঁহ গোসাঁই পৰিভ্ৰমণ ৷ দুপৰীয়া ১২ বজাত অনুষ্টিত হোৱা সভাখন মুকলি কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ হিতেশ ডেকাই ৷

উল্লেখ্য যে, এই সভাত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, সমালোচক ইছমাইল হুছেইন, সদৌ বাথৌ মহাসভাৰ সভাপতি ড° লীলাধৰ ব্ৰহ্ম, ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ সভাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰা হয় ৷
লগতে পঢ়ক : টীয়কত চেৰা বিহু উদযাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.