ETV Bharat / state

টকা নিব নোৱাৰি চোৰ লণ্ড-ভণ্ড কৰিলে বেংকৰ আচবাব - অসম গ্ৰামীণ বিকাশ বেংক

মুছলপুৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা ধন লুট কৰাৰ লক্ষৰে চোৰে বেংকত প্ৰৱেশ কৰিছিল ৷ কিন্তু ধন লুট কৰিবলৈ অসমৰ্থ হোৱাত চোৰে বেংকৰ আচবাব সমূহ ভাঙি লণ্ড-ভণ্ড কৰে ৷

Baksa
বাক্সা
author img

By

Published : Dec 24, 2019, 6:51 PM IST

Updated : Dec 24, 2019, 7:09 PM IST

বাক্সা, 24 ডিচেম্বৰঃ সোমবাৰে নিশা বাক্সাৰ সদৰ মুছলপুৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ ভিতৰত গ্ৰীল ভাঙি চোৰে প্ৰৱেশ কৰে ৷ বেংকত থকা ধন লুট কৰাৰ লক্ষ্যৰে চোৰে বেংকটোৰ ভিতৰত প্ৰৱেশ কৰিছিল ৷ কিন্তু চুৰি কাৰ্য সংঘটিত কৰাত সফল নহয় চোৰৰ দলটো ৷

মুছলপুৰ গ্ৰামীন বিকাশ বেংকত চোৰৰ অভিযান

অৱশ্যে চোৰৰ দলটোৱে বেংকৰ পৰা ধন লুট কৰিব নোৱাৰিলে যদিও বেংকৰ আচবাব আৰু নথি-পত্ৰ নষ্ট কৰে ৷ মঙলবাৰে পুৱা বেংকৰ কৰ্মচাৰীয়ে বেংকৰ ভিৰতৰত প্ৰৱেশ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু মুছলপুৰ আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত মুছলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

লগতে পঢ়ক - কোনে খালে কাৰ টকা ?

Intro:# বাক্সাৰ মুছলপুৰ গ্ৰামীন বিকাশ বেংকত নিশা চোৰৰ অভিযান # ধন লুট কৰিব নোৱাৰি আচবাব ভাঙিচিঙি লণ্ড ভণ্ড চোৰৰ #

Body:এইবাৰ চোৰৰ টাৰ্গেট গ্ৰামীন বিকাশ বেংক ৷ সোমবাৰে নিশা বাক্সাৰ সদৰ মুছলপুৰত থকা অসম গ্ৰামীন বিকাশ বেংকত সন্মুখৰ লোৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল চোৰৰ এটা দলে ৷ লক্ষ আছিল বেংকত থকা ধনৰ ওপৰত ৷ কিন্তু চোৰে বেংকৰ ভিতৰত প্ৰৱেশ কৰিলে যদিও নাপালে ধন ৷ যাৰ ফলত উৰহৰ খং ভঙা ঢাৰিত তোলাৰ নিচিনা ধন নাপায় চোৰে বেংকৰ আচবাব, নথিপত্ৰ লণ্ড ভণ্ড কৰে

Conclusion: মংগলবাৰে পুৱা বেংকৰ কৰ্মচাৰী প্ৰৱেশ কৰিবলৈ আহি সন্মুখৰ গ্ৰীল ভঙা দেখি মুছলপুৰ আৰক্ষীক খৱৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
বাইট -- বেংক কৰ্মচাৰী

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
Last Updated : Dec 24, 2019, 7:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.