ETV Bharat / state

বাক্সাত ৰাইজৰ প্ৰচেষ্টাত পথ মেৰামতি - বাক্সা

বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বাক্সাত ৰাইজে মিলি মেৰামতি কৰিলে পথ ৷ ভাৰত-ভূটান সীমান্তৱৰ্তী গুৱাবাৰীৰ পৰা বগামাটিলৈ প্ৰায় তিনি কিল’মিটাৰ পথ মেৰামতি কৰা হয় ৷

বাক্সা
পথ মেৰামতি
author img

By

Published : Jan 12, 2020, 12:18 AM IST

বাক্সা,11 জানুৱাৰীঃ বাক্সাৰ তামুলপুৰত পথৰ দুৰৱস্থাই অস্বস্তিত পেলাইছে ৰাইজক ৷ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত ৰাইজে মিলি মেৰামতি কৰে পথ ৷

তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী গুৱাবাৰীৰ পৰা বগামাটিলৈ যোৱা প্ৰায় তিনি কিল’মিটাৰ পথ ৰাইজৰ তৎপৰতাত মেৰামতি কৰা হয় ৷ স্থানীয় শান্তি সমিতিৰ উদ্যোগত পথছোৱা মেৰামতি কৰি যোগাযোগৰ সূচল কৰি তোলে ৷

পথ মেৰামতি

তামুলপুৰ মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া,পৰিদৰ্শক অসীম বৰাৰ বিশেষ তৎপৰতাত গঠিত শান্তি সমিতিয়ে স্থানীয় সমাজকৰ্মী মিৰ্জান আলী আৰু এ এন পি এল-ৰ স্বত্বাধিকাৰী অনুপম শৰ্মা আৰু ভোজন দাসৰ সহযোগত এই পথছোৱা মেৰামতি কৰা হয় ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অনুষ্ঠিত সভাত অঞ্চলটোৰ আইন-শৃংখলাকে ধৰি নাগ্ৰীজুলি,গুৱাবাৰী আৰু বগামাটিৰ বিষয়ে পৰ্যালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে চাওকঃ জুৰীয়াত দিন দুপৰতে ডকাইতি কাণ্ড

Intro:শান্তি সমিতিৰ দ্বাৰা বগামাটিলৈ যোৱা পথৰ উন্নয়নঃ
যুৱ সমাজকৰ্মী মিৰ্জান আলী,অনুপম শৰ্মালৈ কৃতজ্ঞতা শান্তি সমিতিৰ

Body:বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত -ভূটান সীমান্তৱৰ্তী গুৱাবাৰীৰ পৰা বনভোজ থলী ,সৌন্দৰ্য্য ৰাণী বগামাটিলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ জোৰা বিধ্বস্ত পথ আজি গুৱাবাৰীত গঠন হোৱা শান্তি সমিতিয়ে মেৰামতি কৰি যোগাযোগৰ বাবে সূচল কৰি তোলে। তামুলপুৰ মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, পৰিদৰ্শক অসীম বৰাৰ বিশেষ তৎপৰতাত গঠিত শান্তি সমিতিয়ে স্থানীয় সমাজ কৰ্মী মিৰ্জান আলী আৰু এ এনপিএলৰ স্বত্বাধিকাৰী অনুপম শৰ্মা আৰু সমাজ কৰ্মী ভোজন দাসৰ সহযোগত এই পথছোৱা সূচল কৰি তোলে। আৰম্ভণিতে পুৱা এঘাৰ বজাত ফিটাকাটি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নৱ কুমাৰ চৰকাৰে। আজি পথ উন্নয়নৰ সময়ছোৱাত উপস্থিত থাকি শান্তি সমিতিক দিহা পৰামৰ্শ দি উৎসাহিত কৰে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক অসীম বৰা,নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন কুমাৰ দাস, বগামাটিৰ সীমান্তস্থ এছ এছ বিৰ পৰিদৰ্শক ফুলেশ্বৰ লাহন, শান্তি সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ ডেকা, শান্তি সমিতিৰ সম্পাদকদ্বয় পৰিমল শীল আৰু মাধৱ ছেত্ৰী,নাগ্ৰীজুলি এবছুৰ সম্পাদক তথা গেৰেমছা এনজিঅ'ৰ পৰিচালক ৰেবেন বড়ো,বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নাগ্ৰীজুলি সমিতিৰ সম্পাদক মিঠুন দাস,যুৱ সমাজ কৰ্মী মিৰ্জান আলী,খোকন বিশ্বাস,ভোজন দাস, বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ বৰ্মন আৰু বহু কেইজন বিশিষ্ট ব্যক্তিয়ে। উল্লেখযোগ্য যে অলপতে সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত অঞ্চলটোৰ আইন শৃঙ্খলাকে ধৰি বৃহত্বৰ নাগ্ৰীজুলি, গুৱাবাৰী আৰু ক্ৰমান্বয়ে জনপ্ৰিয় পৰ্যটন থলীলৈ ৰূপান্তৰিত হোৱা বগামাটিৰ আইন শৃঙ্খলা আৰু বাট -পথ উন্নয়নৰ প্ৰসগংও উত্থাপন কৰি বিস্তৃতভাৱে আলোচনা কৰি চৰকাৰী-বেচৰকাৰী বিভিন্ন সূত্ৰৰ সহযোগিতাত বগামাটিক এখন আকৰ্ষণীয় পৰ্যটন থলীলৈ ৰূপান্তৰিত কৰাত কিদৰে আগবাঢ়িব পাৰি তাৰ ওপৰত সভাই পৰ্যালোচনা কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Conclusion:তাৰেই ফলশ্ৰুতিত শান্তি সমিতিয়ে আজি এনেদৰে সকলোৰে সহযোগত এই পথছোৱাৰ উন্নয়নৰ ব্যৱস্থা কৰে। শান্তি সমিতিৰ এই প্ৰচেষ্টা ভূয়সী প্ৰশংসা কৰিছে সচেতন মহলে।

ভাষ্য : ১/অসীম দাস তামুলপুৰ থানাৰ আৰক্ষী বিষয়া ২/ মাধৱ চেত্ৰী আগছুৰ বাক্সা জিলাৰ সম্পাদক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.