বাক্সা, 20 আগষ্ট : তামুলপুৰৰ ৰাজপথত নিশা এখন বাইকত খুন্দা মাৰি জ্বলি উঠে এখন ডাম্পাৰ । দুৰ্ঘটনাটোৰ সময়চোৱাত ডাম্পাৰখনে বাইক আৰোহীজনক প্ৰায় ৩০০ মিটাৰ মান দূৰলৈ মহতীয়াই নি কিছু দূৰত জ্বলি উঠে বাইকসহ ডাম্পাৰখন । ফলত বাইক আৰোহীজন থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ AS 25 CC 6386 বুলি জানিব পৰা গৈছে ৷
ৰঙিয়া হৈ কুমৰীকাটা অভিমুখে আহি থকা অৱস্থাত আৰু তামুলপুৰৰ পৰা ৰঙিয়া দিশে গৈ থকা AS 14 K 2593 নম্বৰত পঞ্জীয়নভুক্ত বাইকখনৰ সৈতে ডাম্পাৰখনৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷
তামুলপুৰ সেনা চাউনীৰ সম্মুখৰ 127D ৰঙিয়া তামুলপুৰ ভূটান পথত এই দূৰ্ঘটনা সংঘটিত হয় । সেনাবাহিনী আৰু আৰক্ষীৰ লোকে নিৰ্বাপন কৰে জুই । অৱশ্যে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই নিহত লোকজনৰ পৰিচয় ।