বাক্সা,11মে': বাক্সাৰ শিমলাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত জাখলিৰপাৰ গাঁৱৰ এটা পথক লৈ সৃষ্টি হৈছে উত্তেজনা ৷ প্ৰবীৰ কুমাৰ ঘোষ নামৰ লোকজনৰ বিৰুদ্ধে পথটো দখল কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাতায়তৰ বাবে সদায় ব্যৱহাৰ হৈ থকা পথটোৰ মাটি দখল কৰি ঘৰৰ সন্মুখতে টিনপাতেৰে বেৰ দিয়ে প্ৰবীৰ কুমাৰ ঘোষ নামৰ লোকজনে ৷ এনে ঘটনাৰ বিৰোধিতাৰে গাঁৱৰ ৰাইজ একত্ৰিত হৈ প্ৰবীৰ কুমাৰে দিয়া টিনপাতৰ বেৰা ভাঙি দিয়ে ৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷
তাৰ পিচতেই পৰিস্থিতি আৰু অধিক অৱনতি ঘটাত মাৰ-পিটৰ লগতে হতাহতিৰ সৃষ্টি হয় ৷ এনে সময়তেই ঘটনাস্থলীত শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত শিমলাগুৰী আৰক্ষী উপস্থিত হোৱাত স্থানীয় ৰাইজে আৰক্ষীকো ঘেৰাও কৰি পৰিস্থিতি আৰু অধিক উত্তেজনাময় কৰি তোলে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি ৰাস্তাৰ মাটি দখল কৰা প্ৰবীৰ কুমাৰ ঘোষক আটক কৰি থানালৈ লৈ যায় ৷ ইপিনে ৰাস্তাৰ মাটি প্ৰবীৰ কুমাৰ ঘোষক কোনো পধ্যেই দখল কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে ৷
আৰু পঢ়কঃ মাদ্ৰিদ অ'পেনৰ ছেমি ফাইনেলত ৰাফেল নাডাল