ETV Bharat / state

ৰাজ্যত অনুষ্টুপীয়াকৈ উদযাপন ৰাস মহোৎসৱ - ক’ভিড প্ৰট’কল

দেওবাৰে ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বাক্সাৰ নাৰায়ণপুৰ আৰু মৰিগাঁৱত আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷ এইবেলি ক’ভিড মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷

raas mahotsav celebrating in assam
ৰাজ্য়ত অনুষ্টুপীয়াকৈ উদযাপন ৰাস মহোৎসৱ
author img

By

Published : Nov 30, 2020, 8:11 AM IST

Updated : Nov 30, 2020, 10:11 AM IST

নিউজ ডেস্ক,30 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হোৱা পৰম্পৰাগত ৰাস মহোৎসৱৰ সমান্তৰালকৈ দেওবাৰে বাক্সা জিলাৰ নাৰায়ণপুৰতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 50 সংখ্য়ক ৰাস মহোৎসৱ ৷ অৱশ্য়ে ক’ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, ৰভাতলী উন্মোচন কাৰ্যসূচীৰ পাচত নিশাৰ ভাগত নাগাৰা নাম কাৰ্যসূচী সম্পন্ন হয় বুলি জানিবলৈ দিয়ে নাৰায়ণপুৰ ৰাস সমিতিৰ সম্পাদক চক্ৰপাণি দাসে ৷

baksa raas
বাক্সা ৰাস

আনহাতে, মৰিগাঁৱতো ক’ভিড প্ৰট’কল মানি উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷ ৰাস উপলক্ষে আৰম্ভ হৈছে কেলি গোপাল নাট ভাওনা ৷ মৰিগাঁৱৰ মাছখোৱা কাঁহিবাৰী, চৰাইবাহীৰ, নটুৰাগাঁও, দলৈচুবা, মৰাকলং আৰু হাবিবৰঙাবাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শতবৰ্ষ গৰকা শ্ৰীকৃষ্ণৰ ৰাস লীলা । গায়ন-বায়নৰ খোল-তালৰ শব্দই মুখৰিত কৰি তুলিছে মৰিগাঁৱৰ ৰাসস্থলী ৷

morigaon raas
মৰিগাঁও ৰাস

লগতে পঢ়ক : ডিফুত কাৰ্বি আংলং উশ্বু চেম্পিয়নশ্বীপ 2020 সম্পন্ন

Last Updated : Nov 30, 2020, 10:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.