ETV Bharat / state

পুঠিমাৰী নৈৰ মথাউৰি আৰু খহনীয়া পৰিদৰ্শন উচ্চস্তৰীয় বিষয়াৰ - IRRIGATION DEPARTMENT OFFICER

গোৰেশ্বৰ অঞ্চলত পুঠিমাৰী নৈৰ মথাউৰি আৰু গৰাখহনীয়া পৰিদৰ্শন অসম চৰকাৰৰ জলসম্পদ বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ ৷

পুঠিমাৰী নৈৰ মথাউৰি আৰু খহনীয়া পৰিদৰ্শনঃ জলসম্পদ বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ
author img

By

Published : Aug 21, 2019, 7:37 AM IST

বাক্সা, 21 আগষ্টঃ বিটিএডিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ আমন্ত্ৰণ মৰ্মে মঙলবাৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব ৰাজেন দাস, ডেপুতি চেক্ৰেতাৰীৰ লগতে বিভাগটোৰ পলাশ গোস্বামী, বাক্মা জিলাৰ কাৰ্যবাহী অভিযন্তা চামচুল আলামৰ লগতে বহুকেইগৰাকী উচ্চস্তৰীয় বিষয়াই গোৰেশ্বৰ অঞ্চলৰ বেটাগাঁও, মাৰেগাঁও, হাবিবাৰী, জোকমাৰী আদি অঞ্চলৰ পুঠিমাৰী নৈৰ গড়াখহনীয়া আৰু মথাউৰি পৰিদৰ্শন কৰে ।

পুঠিমাৰী নৈৰ মথাউৰি আৰু খহনীয়া পৰিদৰ্শনঃ জলসম্পদ বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ

বিগত বানত পুঠিমাৰী নৈয়ে এই উক্ত অঞ্চল কেইটাত তাণ্ডৱৰ সৃষ্টি কৰাৰ লগতে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি স্থানীয় জনসাধাৰণক আতংকিত কৰি তুলিছিল । গড়াখহনীয়াৰ কৱলত পৰিছিল শ-শ কৃষিভূমি ৷ পুঠিমাৰী নৈৰ এনে ৰুদ্ৰমূৰ্তি ৰোধ কৰাৰ বাবে অসম চৰকাৰৰ এই উচ্চস্তৰীয় বিষয়াৰ দলটোৱে বিটিএডি ৰ জলসম্পদ বিভাগৰ আমন্ত্ৰণ ৰক্ষা কৰি এই অঞ্চল সমূহ পৰিদৰ্শন কৰে ৷ উচ্চস্তৰীয় বিষয়া সকলে অঞ্চলসমূহ পৰিদৰ্শন কৰি অহা মাৰ্চ মাহৰ ভিতৰত কেবাটাও আঁচনি হাতত লৈ পুঠিমাৰী নৈৰ খহনীয়া আৰু মথাউৰি ৰক্ষা কৰাৰ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে । বিটিএডিৰ জলসম্পদ বিভাগৰ সদস্য মহেশ্বৰ বসুমতাৰীয়ে এছডিআৰএফ আৰু নাবাৰ্ডৰ আঁচনিৰ জৰিয়তে অঞ্চলটোৰ পুঠিমাৰী নৈৰ খহনীয়া আৰু মথাউৰি মেৰামতি কৰি ৰাইজক উপকৃত কৰিবলৈ অনুৰোধ জনায় । মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ লগতে বিপিএফ দলৰ কেবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে ৷

Intro:অসম চৰকাৰৰ জলসম্পদ বিভাগৰ উচ্চস্তৰীয় বিষয়াৰগোৰেশ্বৰ অঞ্চলত পুঠিমাৰী নৈৰ মথাউৰী আৰু খহনীয়া পৰিদৰ্শন।Body:তামুলপুৰ।
২০/৮/১৯.
BTAD ৰ জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী ডঙৰীয়াৰ আমন্ত্ৰণ মৰ্মে আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব ৰাজেন দাস,ডেপুতি চেক্ৰেতাৰীৰ লগতে বিভাগটোৰ পলাশ গোস্বামী, বাক্মা জিলাৰ কাৰ্য্যবাহী অভিযন্তা চামচুল আলামৰ লগতে বহুকেইগৰাকী উচ্চস্তৰীয় বিষয়াই গোৰেশ্বৰ অঞ্চলৰ বেটাগাও, মাৰেগাও,হাবিবাৰী, জোকমাৰী আদি অঞ্চলৰ পুঠিমাৰী নৈৰ গড়াখহনীয়া আৰু মথাউৰী পৰিদৰ্শন কৰে।বিগত বানত পুঠিমাৰী নৈয়ে এই উক্ত অঞ্চল কেইটাত তাণ্ডৱৰ সৃষ্টি কৰাৰ লগতে তিব্ৰ খহনীয়া ৰ সৃষ্টি কৰি স্থানীয় জনসাধাৰণক আতংকিত কৰি তুলিছিল।গড়াখহনীয়া ই শ শ কৃষিভূমি নিশেষ কৰাৰ লগতে ভেটিমাটিও উচন কৰিছিল বহু লোকৰ।পুঠিমাৰী নৈৰ এনে ৰুদ্ৰ মূৰ্ত ৰোধ কৰাৰ বাবে অসম চৰকাৰৰ এই উচ্চস্তৰীয় বিষয়াৰ দলটোৱে BTAD ৰ জলসম্পদ বিভাগৰ আমন্ত্ৰন ৰক্ষা কৰি এই অঞ্চল সমুহ পৰিদৰ্শন কৰে আজি।আজিৰ এই উচ্চস্তৰীয় বিষয়া সকলে অঞ্চলসমূহ পৰিদৰ্শন কৰি অহা মাৰ্চ মাহৰ ভিতৰত কেবাটাও আচনি হাতত লৈ পুঠিমাৰী নৈৰ খহনীয়া আৰু মথাউৰী ৰক্ষা কৰাৰ চেষ্টা কৰিব বুলি কয়।আজিৰ এই পৰিদৰ্শন কালতে অসম চৰকাৰৰ উচ্চস্তৰীয় বিষয়া সকলক BTAD ৰ জলসম্পদ বিভাগৰ সদস্য মহেশ্বৰ বসুমতাৰীয়ে SDRF আৰু NABARDৰ আচনি ৰ জৰিয়তে অঞ্চলটোৰ পুঠিমাৰী নৈৰ খহনীয়া আৰু মথাউৰী মেৰামতি কৰি ৰাইজক উপকৃত কৰিবলৈ অনুৰোধ জনাই। ।বিষয়া সকলক পৰিদৰ্শন কালত মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ লগতে BPF দলৰ কেবাগৰাকী নেতা কৰ্মী য়ে সংগ দিয়ে।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.