ETV Bharat / state

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বাক্সাৰ ৰাইজে - বন বিভাগৰ বিৰুদ্ধে ক্ষোভ

5-10 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা তামুলপুৰ,ঘগ্ৰাপাৰ আৰু নলবাৰী সংযোগী পথটো ৰাইজৰ বহু চেষ্টাৰ অন্তত মেৰামতি হৈছিল ৷ কিন্তু প্ৰয়োজনতকৈ অধিক ওজনৰ বোজা কঢ়িওৱা ডাম্পাৰৰ চলাচলে পুনৰ বিধ্বস্ত কৰিছে পথটো ৷ যাক লৈ সম্প্ৰতি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ৷

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ
বন বিভাগৰ বিৰুদ্ধে ক্ষোভ
author img

By

Published : Jul 27, 2020, 3:07 PM IST

বাক্সা, 27 জুলাই: সোমবাৰে বাক্সাৰ কালাকুচিত স্থানীয় ৰাইজে জব্দ কৰিলে অতিৰিক্ত বোজাৰে শিল-বালি কঢ়িওৱা এখন নথি-পত্ৰবিহীন ডাম্পাৰ ৷ বিগত প্ৰায় 5-10 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল তামুলপুৰ,ঘগ্ৰাপাৰ আৰু নলবাৰী সংযোগী পথটো ৷ ৰাইজৰ বহু প্ৰতিবাদৰ অন্তত মেৰামতি কৰা হৈছিল পথটো ৷ যাৰ বাবে সমগ্ৰ অঞ্চলৰ ৰাইজে লাভ কৰিছিল এক সুচল যাতায়াতৰ ব্যৱস্থা ৷ কিন্তু দুখৰ বিষয় যে,প্ৰায় 9 টন বহন ক্ষমতা থকা পথটোত প্ৰতিদিনেই অব্যাহত থকা প্ৰায় 30-37 টনৰ বোজা কঢ়িওৱা ট্ৰাকৰ চলাচলৰ বাবে মাত্ৰ 1 বছৰৰ ভিতৰতে পুনৰ ফাট মেলিবলৈ আৰম্ভ কৰে পথটোত ৷ ৰাইজৰ মতে,এবাৰ যদি সেই পথটো পুনৰ বিধ্বস্ত হৈ পৰে তেন্তে তেওঁলোকক চৰকাৰে দুনাই সেই পথটো নিৰ্মাণ কৰি নিদিয়ে ৷ ৰাইজে এই সন্দৰ্ভত এক বিশেষ অভিযোগ উত্থাপন কৰিছে বন বিভাগৰ বিৰুদ্ধে ৷

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বাক্সাৰ ৰাইজে

ৰাইজৰ অভিযোগ অনুসৰি,বন বিভাগে দীৰ্ঘদিন ধৰি অবৈধভাৱে সেই পথেৰে শিল-বালি সৰবৰাহৰ অনুমতি প্ৰদান কৰি আহিছে ৷ যাৰ ফলত পথটোৰ বহন ক্ষমতাতকৈ অধিক মাত্ৰাত ডাম্পাসমূহে কঢ়িয়াই নিয়ে বোজা ৷ তাৰোপৰি আন এক গুৰুত্বপূৰ্ণ বিষয়টো হ'ল দীৰ্ঘদিনে চালান অবিহনেই ডাম্পাৰসমূহৰ চলাচল অব্যাহত আছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ এই কাৰ্যক ৰাইজে গৰিহণা প্ৰদান কৰি অতি শীঘ্ৰেই এনে কাম বন্ধ কৰিবলৈ দাবী জনায় চৰকাৰক ৷ এই ক্ষেত্ৰত চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰ্যায়ক্ৰমে এই অভিযোগ তেওঁলোকে উচ্চ পৰ্যায়লৈ নিয়াৰ বাবে আগবাঢ়িব বুলি সকীয়নি প্ৰদান কৰে ৷ লগতে এই কাৰ্যৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে বৰ্তমানলৈ কিয় কোনোৱে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: ক'ত হেৰাল চৰকাৰৰ ভাষা ৰক্ষাৰ প্ৰতিশ্ৰুতি : অসমীয়া ভাষা নাজানিলেও চাকৰি পাব দিছপুৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.