ETV Bharat / state

এন আৰ চিৰ নামত হাৰাশাস্তিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ - etv bharat assam

চিৰাঙ - বাক্সাত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ চমুকৈ এ বি এম ছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি NRC কৰ্তৃপক্ষই ৰাইজক NRC ৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ

NRC ৰ নামত হাৰাশাস্তিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ
author img

By

Published : Aug 5, 2019, 10:34 PM IST

নিউজ ডেস্ক, 4 আগষ্টঃ এন আৰ চিৰ শুনানিৰ নামত কৰা হাৰাশাস্তিৰ বিৰুদ্ধে প্ৰতিবাদ চিৰাঙত ৷ সোমবাৰে চিৰাঙত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ জিলা সমিতিয়ে পদ্মপুৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

NRC ৰ নামত হাৰাশাস্তিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ

বাক্সাৰ শালবাৰীৰ কালপানীতো সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ চমুকৈ এবিএমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উচ্চতম ন্যায়লয়ৰ নিৰ্দেশনা অমান্য কৰি NRC কৰ্তৃপক্ষই ৰাইজক NRC ৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ প্ৰতিবাদত সংগঠনটোৱে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে দেওবাৰে গুৱাহাটীৰ সোণতলীত NRCত উপস্থিত হ'বলৈ গৈ থকাৰ সময়ত দুৰ্ঘটনাত আহত আৰু নিহত সকলক 5 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায় এবিএমছুৰ শালবাৰী জিলা সমিতিয়ে ৷ আনহাতে, এন আৰ চিৰ পুনৰ শুনানিৰ নামত ভয়ংকৰ চক্ৰান্ত বুলি দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যা সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিয়ে ৷ দলগাঁৱৰ শিয়ালমাৰী বজাৰ চ'কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰে ।

Intro:চিৰাঙত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ এবিএমএচইউৰ । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ শেষতীয়া হিয়াৰিঙৰ নামত কৰা হাৰাশাস্থিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ।

Body:চিৰাঙত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ জিলা সমিতিয়ে আজি জিলাখনৰ পদ্মপুৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্থ কৰে । শেষতীয়া ভাৱে সমগ্ৰ অসমত এন আৰ চিৰ হিয়াৰিঙৰ নামত সংখ্যালঘু লোকক লক্ষ্য কৰি হাৰাশাস্থি কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্থ কৰে ছাত্ৰ সংগঠনটিয়ে । অতি শীঘ্ৰেই সংখ্যালঘু লোকক হাৰাশাস্থি বন্ধ কৰি নিৰপেক্ষভাৱে এটা শুদ্ধ এন আৰ চি প্ৰস্থুতৰ দাবী জনায় ছাত্ৰ সংগঠনটিয়ে ।

বাইট : আবু জুবায়েৰ । জিলা সভাপতি ।

Conclusion:ছাত্ৰ সংগঠনটিয়ে অভিযোগ কৰে যে সংখ্যালঘু লোক সকলক বহু বাৰ হিয়াৰিঙত মতা হৈছে তাৰ পিচতো এই বাৰ শেষতিয়াভাৱে নামনিৰ পৰা উজনি অসমত হিয়াৰিঙত কম সময়ৰ ভিতৰত মতা কাৰ্য্যক তিব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.