বাক্সা,২৯ মাৰ্চ: বাক্সা জিলাত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তুংগত তুলিছে । বাক্সাৰ ভোটেপোৱাবড়ীত দেওবাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । এই সভাত বড়োই হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে । বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে কৰা দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু বিভিন্ন জাতি-জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বাবে এতিয়া ৰাইজে প্ৰত্যাখ্যান কৰিছে বুলি কটাক্ষ কৰে বড়োৱে ।
এইবাৰ নিৰ্বাচনত হাগ্ৰামাৰ কোনো বিকল্প নাই । কাৰণ মহাজোঁটৰ কোনো এগৰাকী প্ৰাৰ্থীৰে "face value" নাই । হাগ্ৰামা, বদৰুদ্দিনক চাই কোনেও ভোট নিদিয়ে বুলিও কটাক্ষ বড়োৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পাচত তেনেকুৱা কোনো এগৰাকী প্ৰাৰ্থী নাই, যি গৰাকীক চাই জন সাধাৰণে ভোটদান কৰিব ।
মুনিন কলিতাই আঁত ধৰা সভাখনত অংশ লৈ চাপাগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, 'চাপাগুৰি বিধানসভা সমষ্টিত মই ইউপিপিএলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছো যদিও ইয়াত বিজেপি, জিএছপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচন খেলিছো । বড়ো-অবড়ো ৰাজনীতিক বিদায় দিবৰ বাবে আজি সকলোৱে একগোট হৈছো' । এই সভাত কেবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে ।
লগতে পঢ়ক: নগাঁৱত পঞ্চায়ত কৰ্মচাৰীৰ প্ৰতিবাদ