বৰমা,2 চেপ্তেম্বৰ: বাক্সাৰ জালাহৰ এ বি চি ব্লকত তীব্ৰ অসন্তোষ প্ৰকাশ জন সাধাৰণৰ ৷ বিগত প্ৰায় 100 বছৰে পুৰুষানুক্ৰমে অঞ্চলটোত বসবাস কৰি অহা লোকসকলে আজিও লাভ নকৰিলে মাটিৰ ম্যাদী পট্টা ৷ জিলাখনৰ মুছলপুৰ মহকুমাৰ অধীনৰ উক্ত এলেকাত বসবাস কৰি আছে প্ৰায় 4,500 টা পৰিয়ালে ৷ নব্বৈৰ দশকৰ আৰম্ভণিতে উক্ত অঞ্চল আছিল সুৱনখাটা গ্ৰেজিং ৰিজাৰ্ভৰ অধীনত ৷ পৰৱৰ্তী সময়ত 1952 চনত এই ৰিজাৰ্ভ নামটো আঁতৰ কৰা হ’ল ৷ ৰাইজে মাটিৰ ম্যাদী পট্টা বিচাৰি আবেদন কৰিলে ৷ কাৰণ এই পট্টা নহ’লে লাভ নকৰে চৰকাৰী ঋণৰ উপৰিও পিআৰচি লেণ্ড হল্ডিং চাৰ্টিফিকেট ৷ উক্ত কাৰণসমূহতে ক্ষুব্ধ হৈ অঞ্চলবাসীয়ে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলখনৰ জৰিয়তে ৰাইজে সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰে ৷
লগতে চাওকঃ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক