বাক্সা, 12 অক্টোবৰ : সমাগত ৰাজ্যৰ উপ-নিৰ্বাচন ৷ ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ যিমানেই উপ-নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজতো বৃদ্ধি পাইছে তৎপৰতা ৷
ৰাজনৈতিক দল সমূহৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰশাসনিক বিষয়া তথা নিৰ্বাচনী বিষয়া সকলৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত ৭৮ শতাংশ ভোটদান হৈছিল ৷ এইবাৰ সমষ্টিটোৰ উপ-নিৰ্বাচনত ৮৫ শতাংশলৈ ভোটদান সম্পন্ন হ'ব ৷ এই কথা সদৰি কৰিছে বাক্সা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে ৷
বাক্সা জিলাৰ সদৰ মুছলপুৰত সোমবাৰে ভোটদাতা সকলক প্ৰণালীবদ্ধ শিক্ষাদান আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে হাতত লোৱা হয় এক কাৰ্যসূচীৰ ৷ ইয়াৰ লগত সংগতি ৰাখি বিশেষভাৱে প্ৰস্তুত কৰা এখন সু-সজ্জিত প্ৰচাৰ বাহন মুকলি কৰে বাক্সা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে ৷
উল্লেখ্য যে, নতুন ভোটাৰ, বয়োজ্যষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম লোক সকলক তামুলপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত ভোটদানৰ প্ৰতি সজাগ সৃষ্টি বাবে বাক্সা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই প্ৰচাৰ বাহনখন মুকলি অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিন, সদৰ মহকুমাধিপতি গীতাশ্ৰী লাচিত, তামুলপুৰ মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰ, বাক্সা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয় ক্ৰমে ভাস্কৰজ্যোতি বৰা আৰু মনোজ দলেৰ লগতে ভালে সংখ্যক বিষয়া-কৰ্মচাৰী তথা ৰাইজ ৷
লগতে পঢ়ক : উপ-নিৰ্বাচন: ৩৯ গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা