ETV Bharat / state

জাতি-জনগোষ্ঠীক প্ৰাপ্য অধিকাৰ প্ৰদান নকৰিলে হাগ্ৰামাই : প্ৰমোদ বড়ো - বড়ো অবড়ো ৰাজনীতি

বাক্সাৰ জালাহত ইউপিপিএলৰ নিৰ্বাচনী সভা ৷ হাগ্ৰামা মহিলাৰীয়ে জনসাধাৰণক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি অভিযোগ তুলিলে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

btc election
প্ৰমোদ বড়ো
author img

By

Published : Dec 2, 2020, 4:14 PM IST

বাক্সা, 1 ডিচেম্বৰ : বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচ দিন বাকী থকাৰ সময়তেই বাক্সা জিলাত ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । বাক্সা জিলাৰ জালাহ লক্ষ্মী মন্দিৰ প্ৰাংগণত মঙলবাৰে বিয়লি অনুষ্ঠিত ইউপিপিএলৰ নিৰ্বাচনী সভাত অংশগ্রহণ কৰি দলৰ সভাপতি তথা ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে কয় যে, ‘‘আমি পৰিৱৰ্তন বিচাৰি নিৰ্বাচনত অংশগ্রহণ কৰিছোঁ । বিগত সময়চোৱাত বড়ো-অবড়ো ৰাজনীতি কৰিয়েই সময় পাৰ কৰিলো । আমাৰ বিটিআৰত সকলো জাতি-জনগোষ্ঠীৰ লোকে শান্তি সম্প্ৰীতিৰে বসবাস কৰিব লাগিব । বিটিচি নিৰ্বাচনত ইউপিপিএল দলে ৩০ টাতকৈ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব ।’’

বাক্সাৰ জালাহত ইউপিপিএলৰ নিৰ্বাচনী সভা

জাতিৰ ভেদ, ধৰ্মৰ ভেদা-ভেদ কৰি আমি আগবাঢ়ি যাব নোৱাৰোঁ বুলি উল্লেখ কৰি বড়োৱে পুনৰ কয়, ‘‘আমি আগুৱাই যাব লাগিলে আমাৰ মাজত সমন্বয় থাকিব লাগিব। সেয়ে আমি ইউপিপিএলে সমন্বয়ৰ মাজেৰে বিটিআৰ গঢ়িবলৈ আগবাঢ়িছো । যোৱা ১৫ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীক প্ৰাপ্য অধিকাৰ প্ৰদান নকৰিলে’’ । ইউপিপিএল দলৰ মুছলপুৰ জিলা সমিতিৰ সম্পাদক দয়াল শৰণীয়াই আঁত ধৰা নিৰ্বাচনী সভাত কেইবাগৰাকী লোকে আনুষ্ঠানিক ভাবে ইউপিপিএল দলত যোগদান কৰে । ককলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন সাধাৰণ সদস্য অনিপ বসুমতাৰীয়ে অংশগ্রহণ কৰা সভাত দলৰ শীৰ্ষ নেতা ধীৰাজ ডেকাকে ধৰি কেইবাগৰাকী দলীয় নেতাই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক : কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব : অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.