ETV Bharat / state

বিটিচি নিৰ্বাচনৰ পাচতে জেললৈ যাব হাগ্ৰামা : প্ৰমোদ বড়ো

author img

By

Published : Nov 14, 2020, 10:48 AM IST

নৃত্য-গীতেৰে বিটিচিৰ নিৰ্বাচনী সভা উখল মাখল হৈ থকাৰ সময়তে ইউপিপিএলৰ সমৰ্থকৰ লগত পাঞ্জা খেলি শক্তি দেখুৱালে প্ৰমোদ বড়োৱে ৷ পাঞ্জাত জয়ী হৈ নিৰ্বাচনত জয়ী হোৱাৰ ইংগিত দিলে তেওঁ ৷

btc election
btc election

বাক্সা, 14 নবেম্বৰ : নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিটিচিত পূৰ্ণোদ্যমেৰে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ৰাজনৈতিক দল সমূহে ৷ বিপিএফ, ইউপিপিএল, বিজেপিৰ লগতে সাংসদ নৱ কুমাৰ শৰণীয়াৰ গণ সুক্ষা পাৰ্টীয়েও ৰাইজৰ মাজলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ৷ আকৰ্ষণীয় হৈ পৰিছে বিপিএফ আৰু ইউপিপিএলৰ মাজৰ বাক যুদ্ধ ৷ তাৰোপৰি বিজেপি আৰু বিপিএফৰ মাজতো আৰম্ভ হৈছে কথাৰ কটা-কটি ৷ নিজ নিজ দলক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে প্ৰতিটো দলে ৷

এইবাৰ কিছু ব্যতিক্ৰম ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক ৷ ‘‘পৰিৱৰ্তন দৰকাৰ, ইউ পিপিএল চৰকাৰ’’ শীৰ্ষক প্ৰচাৰ গীতেৰে প্ৰায় কেইখন সভাতেই নৃত্য কৰা দেখা গৈছে নেতাগৰাকীক ৷ বাক্সা জিলাৰ বৰবাৰীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত পাঞ্জা খেলি ৰাইজক আমোদ দিলে প্ৰমোদ বড়োৱে ৷ পাঞ্জাত জয়ী হৈ নিৰ্বাচনত জয়ী হোৱাৰ ইংগিত দিলে তেওঁ ৷

নিজৰ বক্তব্যত তেওঁ কয় যে, বি পি এফৰ অৱস্থা দেখি দুখ লগা হৈছে ৷ দুখৰ মাজতে হাগ্ৰামা মহিলাৰী বিটিচি নিৰ্বাচনৰ পাচত জেললৈ যাব বুলিও ক’লে প্ৰমোদ বড়োৱে ৷ বিগত পোন্ধৰটা বছৰে বি পি এফৰ শাসনত হাগ্ৰামা মহিলাৰীয়ে দলটোক পৈতৃক সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰি যিমান লুণ্ঠন কৰিলে তাৰে পৰিনাম পাব বুলি মন্তব্য কৰে ৷ বিপিএফ দল এই নিৰ্বাচনতে নিঃশেষ হৈ যাব বুলি ভৱিষ্যদ্বাণী কৰিলে প্ৰমোদ বড়োৱে ৷

বিটিচি নিৰ্বাচনৰ পাচতে জেললৈ যাব হাগ্ৰামা

বিজেপিৰ উত্থানত ইউ পি পি এলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰি বি জে পিৰ লগত মিত্ৰতা অস্বীকাৰ কৰে ইউপিপিএলৰ সভাপতি গৰাকীয়ে ৷ হাগ্ৰামা মহিলাৰী সুবিধাবাদী মানুহ কাৰণে কংগ্ৰেছ আৰু বিজেপিয়ে সংগ এৰিছে বিপিএফৰ ৷ হাগ্ৰামা মহিলাৰী সুবিধাবাদী মানুহ বুলি নিজে নিজে কৈ থাকে, সেয়ে সুবিধাবাদী মানুহক কোনেও ভাল নাপায় কাৰণে হাগ্ৰামাৰ সংগত সকলোৱে এজন এজন কৈ ত্যাগ কৰা বুলি কটাক্ষ কৰে প্ৰমোদ বড়োৱে ৷

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ দলৰ হৈ প্ৰচাৰ চলাইছে, তাত শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি বি টি আৰত যিয়ে প্ৰবেশ কৰিব তেওঁৱেই ট্ৰেক্টৰ দেখা পাব বুলি কয় প্ৰমোদ বড়োৱে ৷ বিশ্বজিৎ দৈমাৰী বিটিচিৰ চীফ হয় নে নহয় সেইটো নাজানে বুলি কৈ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে চৰকাৰ গঠন কৰিলে সাংবাদিক সকলৰ সমস্যাৰ কথা চিন্তা কৰিব বুলি মন্তব্য কৰে ৷ হাগ্ৰামা মহিলাৰীয়ে চি ডি ফাণ্ডৰ ধন ক’ত কেনে ধৰণে খৰছ কৰিছে সেই তথ্যও প্ৰমোদ বড়োৰ হাতত থকা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : গোসাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.