ETV Bharat / state

বিটিআৰৰ চিকিৎসালয়ত 15 খনকৈ এম্বুলেন্স বিতৰণ

author img

By

Published : Jul 9, 2021, 8:55 AM IST

বৃহস্পতিবাৰে কোকৰাঝাৰত বিটিআৰৰ চিকিৎসালয়লৈ 15 খনকৈ এম্বুলেন্স (Ambulance) বিতৰণ ৷ বিটিআৰ (BTR) চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা বিতৰণ কৰা হয় এই এম্বুলেন্স সেৱা ৷ এই বিতৰণী অনুষ্ঠানত উপস্থিত থাকি এম্বুলেন্স বিতৰণ কৰাৰ বাবে বিটিআৰৰ চিকিৎসালয়সমূহত কিছু পৰিমাণে হ’লেও এম্বুলেন্সৰ অভাৱ পূৰণ হ’ব বুলি আশা প্ৰকাশ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (Pramod Boro)ই ৷

ambulance distribute in btr
BTRৰ চিকিৎসালয়ত এম্বুলেন্স বিতৰণ

বাক্সা, 9 জুলাই : কোকৰাঝাৰত বৃহস্পতিবাৰে বিটিআৰ (BTR) চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা বিটিআৰৰ চিকিৎসালয়লৈ 15 খনকৈ এম্বুলেন্স (Ambulance) বিতৰণ কৰা হয় । এম্বুলেন্স বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (Pramod Boro)ই বিটিআৰৰ স্বাস্থ্যখণ্ডত ব্যাপক সংস্কাৰ সাধন কৰা হ’ব বুলি মন্তব্য কৰে ৷ লগতে প্ৰথমবাৰৰ বাবে বিটিআৰ চৰকাৰে নিজাববীয়াকৈ চিকিৎসালয়লৈ এম্বুলেন্স বিতৰণ কৰাৰ বাবে বিটিআৰৰ চিকিৎসালয়সমূহত কিছু পৰিমাণে হ’লেও এম্বুলেন্সৰ অভাৱ পূৰণ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

BTRৰ চিকিৎসালয়ত এম্বুলেন্স বিতৰণ

মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (Pramod Boro)ই কয় যে, সকলোৱে যাতে সু-চিকিৎসা লাভ কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব আৰু আগন্তুক ছমাহৰ ভিতৰত বিটিআৰবাসীয়ে স্বাস্থ্যখণ্ডত ভাল খবৰ লাভ কৰিব বুলি উল্লেখ কৰে ৷ আগন্তুক দুবছৰৰ ভিতৰত বিটিআৰৰ সকলো মহকুমাতে মহকুমাভিত্তিত আইচিইউ (ICU)যুক্ত চিকিৎসালয় গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

উক্ত এম্বুলেন্স বিতৰণী অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (Pramod Boro)ৰ লগতে উপস্থিত থাকে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বহুকেইগৰাকী কাৰ্যবাহী সদস্য, পৰিষদ, বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, বিটিআৰৰ সচিব প্ৰধান শান্তনু পি গোটমাৰে আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল ৷

লগতে পঢ়ক : বেঁকী নৈৰ গৰাখহনীয়াত গৃহহীন 7 টাকৈ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.