বাক্সা,31 ডিচেম্বৰ : শাসনভাৰ চম্ভালাৰ পিছত বিভিন্ন অঞ্চলত ছাডেন ভিজিট দিয়াটো যেন প্ৰতিগৰাকী নেতাৰে এক চমক ৷ বৃহস্পতিবাৰে বিটিআৰৰ শাসনৰ বাঘজৰী চম্ভালাৰ পিছত প্ৰথমবাৰৰ বাবে বাক্সাৰ প্ৰাণকেন্দ্ৰ মুছলপুৰত উপস্থিত হয় মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷ বড়োৱে বাক্সাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত অংশগ্ৰহণ কৰি বিটিআৰৰ বিভাগসমূহত সংঘটিত হৈ থকা দুৰ্নীতিৰ সন্দৰ্ভত সৰৱ হৈ পৰে ৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিগত 17 বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সংঘটিত দুৰ্নীতিসমূহৰ চিবিআই তদন্ত ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰে ৷ বৰ্তমানৰ পৰিষদে সকলো দুৰ্নীতি ওফৰাই ৰাইজৰ কল্যাণৰ হকে কাম কৰাৰ আশ্বাস প্ৰদান কৰে বড়োৱে ৷
বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে বিশেষকৈ শিক্ষা, বন বিভাগ আৰু জলসিঞ্চন বিভাগত সৰ্বাধিক দুৰ্নীতি হোৱা বুলি প্ৰকাশ কৰে ৷ বৃহস্পতিবাৰে প্ৰমোদ বড়োৱে বাক্সাৰ উপায়ুক্তকে ধৰি কেইবাটাও বিভাগৰ বিষয়াবৰ্গৰ সৈতে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ সন্দৰ্ভত আলোচনাত মিলিত হয় ৷