বাক্সা, 29 মেঃ বাক্সাৰ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কদৰ্যময় পৰিৱেশ ৷ এজাক বৰষুণতে নষ্ট হ'ল চিকিৎসালয় ঔষধ পাতিকে ধৰি নথি পত্ৰ ৷
ৰাজ্যত কৰ'ণা মহামাৰীয়ে প্ৰতিদিনে ভয়াৱহ ৰূপ লৈ থকাৰ সময়তে বাক্সা জিলাৰ ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল বিপৰীত ছবি ৷ বৰষুণৰ ফলত নষ্ট বহু ঔষধকে ধৰি বিভিন্ন নথি পত্ৰ ৷
উল্লেখ্য যে, চিকিৎসালয়খন নব্বৈ দশকতে নিৰ্মাণ কৰা হৈছিল যদিও কোনো ধৰণৰ মেৰামতি ব্যৱস্থা কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ বৰ্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত থকা উক্ত চিকিৎসালয়খন এজাক বৰষুণতে পানীৰে উপচি পৰে ৷ বৰষুণত চিকিৎসালয়খনৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ পানীত নষ্ট হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । যাৰ ফলত ৰ'দ দিলে এনেদৰে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ সমূহ মেলি দিয়া দৃশ্য দেখিবলৈ পোৱা । এই ক্ষেত্ৰত উক্ত কৰ্মচাৰী সকলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ সৈতে বহুবাৰ যোগাযোগ কৰিছিল যদিও তেওঁ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈহে আহ্বান জনায় বুলি সদৰী কৰে ।
যাৰ ফলত চিকিৎসালয়খনত এনেদৰে অস্বাস্থ্যকৰ পৰিবেশ হোৱা বুলি অভিযোগ কৰে ৷ ভৱেশ কলিতাৰ এই মন্তব্যৰ পিচতে তেওঁক পদত্যাগ কৰিবলৈ আহ্বান জনায় বহুকেইটা সংগঠনে । এই চিকিৎসালয়খনেই হৈছে বৃহত্তৰ অঞ্চলত বাসকৰা লোকসকলৰ এক মাত্ৰ চিকিৎসালয় ৷ চিকিৎসালয়খনৰ কদৰ্যময় পৰিৱেশ সৃষ্টি হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ৷
লগতে পঢ়ক-অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতিঃ এতিয়ালৈকে তিনিজনৰ মৃত্যু !