ETV Bharat / state

তামুলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ - assam assmbly elections2021

বাক্সাৰ তামুলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ ৷ অসমক উন্নতিৰ পথলৈ আনিবলৈ এক হৈ কাম কৰিব লাগিব বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোডীয়ে ৷

তামুলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 3, 2021, 8:23 PM IST

বাক্সা,৩ এপ্রিল: ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ দেওবাৰে সামৰণি পৰিব। বাক্সা জিলাৰ ৫৮ তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ অৰ্থাৎ মিত্ৰজোঁটৰ প্ৰাৰ্থী লেহোৰাম বড়োৰ হৈ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি প্ৰধান মন্ত্ৰী মোডীয়ে অসমীয়া ভাষাৰে বক্তব্য আৰম্ভ কৰি কয়, " অসমক শীঘ্ৰেই উন্নতিৰ পথলৈ আগবঢ়াই নিবলৈ হ'লে আমি সকলোৱে একলগ হৈ কাম কৰা প্ৰয়োজন আছে। আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, গুৰুদেৱ কালিচৰণ, মহাবীৰ চিলাৰায় এনেকুৱা অনেক মহাপুৰুষ সকলে অসমকলৈ যেনেকৈ সপোন দেখিছিল সেইবোৰ সম্পূর্ণ কৰিব লাগিব।

তামুলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে এনডিয়ে চৰকাৰে অসমৰ জনতাক বহুত গুণে লাভবান কৰিছে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী মোডীয়ে পুনৰ কয়, " অসমত হৈ থকা বিকাশে ইয়াৰ জনসাধাৰণৰ জীৱন সহজ সাধ্য কৰি তুলিছে । এই বিকাশে ইয়াৰ নৱপ্ৰজন্মৰ কাৰণে নতুন নতুন দিশৰ সূচনা কৰিছে । যাতায়াত ব্যৱস্থা সুচল হোৱাৰ কাৰণে অহা যোৱাত সহজ হৈ পৰিছে, যিটো কাম এনডিএ চৰকাৰেহে কৰিছে । তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে অংশগ্রহণ কৰা এই বিশাল নিৰ্বাচনী সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, প্ৰাৰ্থী লেহোৰাম বড়োকে আদি কৰি কেইবাগৰাকী দলীয় নেতাই অংশগ্রহণ কৰে। নিৰ্বাচনী সভাত বহু সহস্ৰাধিক লোক অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.