ETV Bharat / state

Pijush Hazarika inspect erosion site of Beki river: বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম মাৰ্চত সমাপ্ত কৰাৰ নিৰ্দেশ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ - erosion site of Beki river

বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই (Pijush Hazarika inspect erosion site of Beki river) । এই কামৰ অগ্ৰগতি নোহোৱাত ক্ষুব্ধ হৈ পৰে বিভাগীয় মন্ত্ৰীগৰাকী । শংকৰ মাধৱ সত্ৰখনক যাতে বেঁকী নৈয়ে ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে মন্ত্ৰীগৰাকীৰ ঠিকাদাৰক কঠোৰ নিৰ্দেশনা (Shankar Madhav Satra)।

Prevention of erosion in Beki River
মন্ত্ৰী পিয়ুষ হাজৰিকা
author img

By

Published : Feb 22, 2023, 11:47 AM IST

মন্ত্ৰী পিয়ুষ হাজৰিকা

বৰপেটাৰোড, 22 ফেব্ৰুৱাৰী: বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰি খঙত অগ্নিশৰ্মা হৈ পৰিল মন্ত্ৰী পিয়ুষ হাজৰিকা (Pijush Hazarika inspect erosion site of Beki river)। মঙলবাৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই বেঁকী নৈৰ ছাফাকামাৰত উপস্থিত হোৱাৰ পিছতেই প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰি ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে । বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এবছৰ পূৰ্বে ঠিকাদাৰে কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত এই কামৰ অগ্ৰগতি নোহোৱাত মন্ত্ৰীগৰাকীয়ে সেই স্থানতেই ঠিকাদাৰক ধমকি দি অহা মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে (Prevention of erosion in Beki River)। যদি ঠিকাদাৰে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়া হ'লে তেওঁক ব্লেক লিষ্টেড কৰা হ'ব বুলিও সঁকিয়াই দিয়ে ।

গৰাখহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে সাময়িকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে (Pijush Hazarika ordered to finish prevention of erosion work)। বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এবছৰ পূৰ্বে ঠিকাদাৰে আৰম্ভ কৰা কাম -কাজৰ বুজ লৈ ঠিকাদাৰ লব বসুমতাৰীৰ ওপৰত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী পিয়ুষ হাজৰিকা ৷ ঠিকাদাৰ গৰাকীক আগন্তুক মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দি শেষত ১৫ এপ্ৰিল অন্তিম সময়সীমা বান্ধি দিয়ে ৷

ইপিনে, গোৱৰ্দ্ধনাস্থিত শংকৰ মাধৱ সত্ৰতো উপস্থিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা (Piyush Hazarika inspect erosion prevention project at Beki River)৷ উল্লেখ্য বেঁকী নৈৰ পাৰত থকা এশ বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত শংকৰ মাধৱ সত্ৰখন যাতে বেঁকী নৈখনে কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে ঠিকাদাৰক কঠোৰ নিৰ্দেশনা দিয়ে (Shankar Madhav Satra in Baska) ৷ এই সত্ৰখনক লৈ কোনোধৰণৰ আপোচ কৰা নহ'ব বুলিও কয় মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ উল্লেখ্য় যে যোৱা আগষ্টত মন্ত্ৰী পিয়ুষ হাজৰিকাই এই ঐতিহ্যমণ্ডিত শংকৰ মাধৱ সত্ৰখনত উপস্থিত হৈ প্ৰতিৰোধৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছিল । মন্ত্ৰীগৰাকীৰ লগত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰীসহ কেবাগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

উল্লেখ্য় যে বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনাস্থিত ১১৫ বছৰীয়া ঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ (Erosion of Beki River) ৷ সম্প্ৰতি সত্ৰখনৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰৈত বেঁকী নৈয়ে অৱস্থান কৰিছে ৷ এবছৰ আগলৈকে চৰকাৰে ৰাজহ সংগ্ৰহৰ কাৰণে এই নৈখনৰ পৰা শিল বালি দিনে ৰাতিয়ে কঢ়িয়াই নিছিল যদিও নৈৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ সুৰক্ষাৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল ৷ ফলত কেইবাখনো গাঁৱৰ লগতে অঞ্চলটোৰ বিদ্যালয়কে ধৰি অংগনাৱাড়ী কেন্দ্ৰ উচন হোৱাৰ লগতে ঐতিহ্যমণ্ডিত ১৯০৬ চনত স্থাপন কৰা শ্ৰী শ্ৰীশংকৰ-মাধৱ গোৱৰ্ধনা সত্ৰখন জাহ যোৱাৰ উপক্ৰম হয় ৷

তদুপৰি বছৰ বছৰ ধৰি বেকী নৈৰ বুকুত জাহ গৈছে গোৱৰ্ধনা অঞ্চলৰ শ শ পৰিয়ালৰ মাটি-ভেটি, হাজাৰ হাজাৰ বিঘা কৃষিভূমি । ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে এই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক জনোৱা দাবীৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী পিয়ুষ হাজৰিকাই যোৱা আগষ্টত এই স্থানসমূহ পৰিদৰ্শন কৰি ব্য়ৱস্থা গ্ৰহণ কৰে । এই কামৰেই পৰিদৰ্শন কৰিবলৈ কালি তেওঁ উক্ত স্থানত উপস্থিত হয় ।

লগতে পঢ়ক:Worker dies at NRL project: নুমলীগড় শোধনাগাৰ প্ৰকল্পত শ্ৰমিকৰ শোকাৱহ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.