ETV Bharat / state

বাক্সাৰ বগাজুলিৰ সোনালীপাৰা গাঁৱত খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ

author img

By

Published : Jun 21, 2020, 6:02 PM IST

হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত বিগত ১৭ টা বছৰতো সমাধান নহল উক্ত অঞ্চলটোৰ খোৱা পানীৰ সমস্যা ৷ খোৱা পানীৰ বাবে গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰষা এটা ৯০ ফুট দ' কুঁৱা ৷

People suffering in serious drinking water scarcity at Bogajulio of Baksa
বাক্সাৰ বগাজুলিৰ সোনালীপাৰা গাঁৱত খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ

বাক্সা, 21 জুন: বাক্সা জিলাৰ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ বগাজুলীৰ সোনালীপাৰাত খোৱা পানীৰ বাবে ৰাইজৰ মাজত হাহাকাৰ ৷ হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত বিগত ১৭ টা বছৰতো সমাধান নহল উক্ত অঞ্চলটোৰ খোৱা পানীৰ সমস্যা ৷ খোৱা পানীৰ বাবে গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰষা এটা ৯০ ফুট দ' কুঁৱা । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি উক্ত অঞ্চলত নতুনকৈ কুঁৱা খান্দিবলৈ হলে প্ৰায় ৯০ ফুট মাটি খান্দিব লাগে ৷ যিটো সাধাৰণ ৰাইজৰ বাবে সম্ভয় নহয় ৷

ইয়াৰ ওপৰিও একমাত্ৰ কুঁৱাটোৰ পৰা পানী তুলিবলৈ হলে প্ৰায় 100 মিটাৰ দীঘল ৰচীৰ প্ৰয়োজন হয় ৷ যাৰ বাবে ৰচি কিনিবলৈ প্ৰতিমাহে ২০০ খৰচ কৰিব লাগে সাধাৰণ ৰাইজে ৷ এই ক্ষেত্ৰত স্থানীয় বিধায়কৰ সৈতে বহুবাৰ যোগাযোগ কৰা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় মহিলা সকলে ৷ উপায়ন্তৰ হৈ উক্ত অঞ্চলৰ মহিলা সকলে গাঁৱখনত থকা এশটা পৰিয়ালৰ বাবে বুৰিং স্থাপন কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷ অন্যথা এইবাৰ ৰাইজে ভোট বৰ্জন কৰিবলৈ বাধ্য হব বুলি উল্লেখ কৰে মহিলা সকলে ৷

লগতে পঢ়কঃ বাক্সাত সন্ধানহীন ৰমেন কাকতি নামৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.