বৰমা,30 এপ্ৰিলঃ বাক্সাৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা ৷ বিগত ২৬ এপ্ৰিলত আৰক্ষীয়ে পথৰ পৰা ধৰি আনি চিকিৎসালয়খনত কোৱাৰেণ্টাইনত ৰাখিছিল এজন ব্যক্তিক ৷ কিন্তু ব্যক্তিজনে চিকিৎসালয়ৰ পৰা সুযোগ বুজি বৃহস্পতিবাৰে পলায়ন কৰে ৷ পলায়ন কৰা ব্যক্তিজনৰ নাম সত্যজিৎ সাহা বুলি জানিব পৰা গৈছে ৷
ব্যক্তিজনে বিভাগীয় কৰ্মচাৰীৰ চকুত ধূলি মাৰি চিকিৎসালয়খনৰ শৌচালয়ৰ খিৰিকীৰে পলায়ন কৰে ৷ পুৱা প্ৰায় 10 বজাত এগৰাকী নাৰ্চ ব্যক্তিজনক ৰখা কোঠাত প্ৰৱেশ কৰাৰ পিচত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ চিকিৎসালয় কৰ্তৃপক্ষই বিচাৰ-খোচাৰ কৰাৰ অন্তত মুছলপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ সুভাষ শৰ্মাই জানিবলৈ দিয়া অনুসৰি পলায়ন কৰা ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত আছিল ৷ কিন্তু ব্যক্তিজনৰ পলায়নৰ ঘটনাই চিকিৎসালয়খনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে ৷
লগতে চাওকঃ পথৰ দাঁতিত চলিছে জীৱন সংগ্ৰামৰ অঘোষিত যুঁজ