ETV Bharat / state

আপোনাৰ এধানিমান মৰমে এটা পৰিয়ালৰ মুখত বিৰিঙাব পাৰে হাঁহি - চিকিৎসাৰ নামত মনোজ বিক্ৰী

এটি দুৰ্ভোগীয়া পৰিয়াল। বিবাহৰ কিছুদিন পিছতে হোৱা এক পথ দুৰ্ঘটনাত এতিয়া থানাবান পৰিয়ালটো । দুয়োটা ভৰি বিকল হোৱা স্বত্তেও এমুঠি অন্ন যোগাৰৰ বাবে জুপুৰি ঘৰটোত কৰি গৈছে সংগ্ৰাম । ভোকাতুৰ কণমানি শিশুটিয়ে দেউতাকক সুস্থ কৰি তুলিবলৈ এইদৰে প্ৰতিদিনে কৰি গৈছে অহৰহ চেষ্টা ।

one poor famaliy need support help  at baksha
আপোনাৰ এধানিমান মৰমে এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে !
author img

By

Published : Oct 14, 2020, 9:48 PM IST

বাক্সা,14 অক্টোবৰঃ মনোজ টিকদাৰ নামৰ ব্যক্তিজনৰ এসময়ত সকলো আছিল । কিন্ত নিষ্ঠুৰ নিয়তীৰ কি পৰিহাস, সৰ্বস্ব কাঢ়ি নিলে মনোজৰ। নতুনকৈ বিবাহ পাশত আৱদ্ধ হৈছিল মনোজ । কিন্তু আজিৰ পৰা দুবছৰ আগত এক পথ দুৰ্ঘটনাত পতিত হৈ বিকল হৈ পৰে মনোজৰ দুয়োটা ভৰি। দুৰ্ঘটনাটোৰ ফলত খোজ কাঢ়িব নোৱাৰা হ’ল মনোজ। চিকিৎসাৰ নামত মনোজে বিক্ৰী কৰিলে সকলো সম্পত্তি। কিন্ত সুস্থ হৈ নুঠিল মনোজ।

আপোনাৰ এধানিমান মৰমে এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে !

চিকিৎসাৰ নামত সৰ্বোচ্চ হেৰুৱালে মনোজে ৷ এতিয়া ঘৰটো থকা ভেটিকণৰ বাদে একো নাই মনোজৰ হাতত। বন্ধ হৈ পঢ়িল সকলো উপাৰ্জনৰ পথ। দুৰ্ঘটনাৰ মাজতে জন্ম লাভ কৰিলে এটি পুত্ৰ সন্তানেও। সকলো হেৰুৱা দুখ,কান্দোনৰ বাদে মনোজৰ নাই এতিয়া কোনো অন্য পথ। কিন্ত হেৰুৱা নাই মনোবল। জুপুৰি ঘৰতে সৰু এটা কম্পিউটাৰৰ দ্বাৰা কৰি গৈছে বিভিন্ন কাম। কেতিয়াবা যদি দুমুঠি দুবেলা অন্নৰ যোগাৰ হৈছে, আন কেতিয়াবা অনাহাৰে কটাইছে দিন। অৰ্থৰ অভাৱত যোগাৰ কৰিব পৰা নাই ঔষধ।

বিভিন্ন ধৰণৰ প্ৰতিভা থকা স্বত্তেও দুখ ,কান্দোনে সংগ দিয়া মনোজে এতিয়া পৰিয়ালটো চলাই নিয়াৰ বাবে বিচাৰিছে আপোনাৰ-মোৰ পৰা কিছু সহায়। মনোজে ঘৰতে উপাৰ্জনৰ বাবে দিব খুজিছে এখন দোকান। যাৰ বাবে প্ৰয়োজন কিছু অৰ্থৰ ৷ পৰিয়ালটিক সহায়ৰ বাবে A/C 33892336892, IFSCSBIN0009147 একাউণ্ট নম্বৰত দিব পাৰে কিছু আৰ্থিক অনুদান।

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.