বাক্সা, 31 আগষ্টঃ প্ৰকাশ পালে অসমৰ বহু প্ৰত্যাশিত এনআৰচিৰ চূড়ান্ত তালিকা। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তেতেলীগুৰী এন আৰ চি কেন্দ্ৰত জনসাধাৰণৰ উপস্থিতি সেৰেঙা ।
উল্লেখ্য যে গুৱাকুছী,তেতেলীগুৰী, বৰবিলা,চলিকাণ্ডা আদি কেবাইখনো গাঁৱৰ লোকে উক্ত এন আৰ চি কেন্দ্ৰত নিজৰ নিজৰ আবেদন প্ৰ পত্ৰ দাখিল কৰিছিল । ইয়াৰে ভিতৰত কাৰোবাৰ যদি নাম আহিল আৰু আন কাৰোবাৰ আকৌ অন্তিম খন খচৰাটো নাহিল নাম । তথাপিও জিলাখনত কোনো লোকে সংকিত হোৱা নাই কিয়নো পৰবৰ্তী সময়ত আকৌ নিজৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি আশাবাদী লোক সকল৷