ETV Bharat / state

ইউপিপিএলক সমৰ্থন বাঙালী জনমুক্তি বাহিনীৰ

মঙলবাৰে আনুষ্ঠানিক ভাৱে প্ৰাক্তন উগ্ৰপন্থী সংগঠন বাঙালী জনমুক্তি বাহিনী (NLFB) ৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰে ইউপিপিএলক সমৰ্থন জনোৱাৰ কথা প্ৰাকাশ কৰে সংহাদ মাধ্যমৰ আগত ।

author img

By

Published : Mar 30, 2021, 10:37 PM IST

বাঙালী জনমুক্তি বাহিনীৰ (NLFB) ইউপিপিএলক সমৰ্থন

বাক্সা, ৩০ মাৰ্চ: মিত্ৰজোঁট বিজেপি, ইউপিপিএল, জিএচপি, অগপ দলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে প্ৰাক্তন উগ্ৰপন্থী সংগঠন "বাঙালী জনমুক্তি বাহিনী" চমুকৈ ( NLFB)য়ে । মঙলবাৰে আনুষ্ঠানিক ভাৱে প্ৰাক্তন উগ্ৰপন্থী সংগঠন NLFB ৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰে এই কথা ঘোষণা কৰে সংবাদ মাধ্যমৰ আগত।

ইতিমধ্যে অস্ত্ৰ সম্বৰণ কৰি উগ্ৰপন্থী সংগঠনটোৱে চৰকাৰৰ সৈতে বিভিন্ন সমস্যা সমাধান কৰাৰ কথা উত্থাপিত কৰি আহিছে আৰু বিজেপি চৰকাৰে তেওঁলোকৰ দাবীক সমৰ্থন জনোৱা বাবে এই সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিছে সংগঠনটোৱে । ডিটেনশ্যন কেম্প, NRC সমস্যা, ভূমি সমস্যা সমূহ শীঘ্ৰে মিত্ৰজোঁট চৰকাৰখনে সমাধান কৰিব বুলি আশা কৰিছে সংগঠনটোৱে ।

লগতে, তামুলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী লেহুৰাম বড়োক জয়ী কৰাই নিয়াৰ বাবে কাম কৰিব বুলি উল্লেখ কৰিছে NLFBৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰে।

লগতে পঢ়কঃ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অদীপ কুমাৰ ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.