ETV Bharat / state

"বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা পথত"- ধীৰেন বড়ো - NDFB PROBLEM IN PROGRESS

বাক্সাৰ তামুলপুৰৰ বানগুৰীত পিজেএচিবিএম সভাত নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা ধীৰেন বড়ো । যি চৰকাৰে এনডিএফবিৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব তেনে চৰকাৰৰ লগত তেওঁলোকে কাম কৰিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰে ধীৰেন বড়োৱে ৷

নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা ধীৰেন বড়ো
author img

By

Published : Oct 25, 2019, 8:24 AM IST

Updated : Oct 25, 2019, 8:49 AM IST

বাক্সা,25অক্টোবৰঃ "সুদীৰ্ঘ ৩৩ বছৰে সমাধান নহ'ল বড়োসকলৰ সমস্যা ৷ কেৱল আলোচনাৰ নামত আলোচনা চলিল কিন্তু সমস্যা সমাধান নহ'ল । সেয়ে বড়োসকলৰ দীঘদিনীয়া সমস্যাৰ সাংবিধানিক সুৰক্ষা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে পুনৰ আলোচনা কৰা হ'ব"- বৃহস্পতিবাৰে বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বানগুৰীৰ হৰিনাৰয়ণ এম ই স্কুল প্ৰাংগণত পিজেএচিবিএমৰ (PJACBM) উদ্যোগত এক ৰাজুহুৱা সভাত এই মন্তব্য নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়োৰ ৷

"বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা পথত"- ধীৰেন বড়ো

লগতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই আলোচনা ডিচেম্বৰ মাহত শেষ পৰ্যায়ত উপনীত হ'ব বুলি জনায় ধীৰেন বড়োৱে । ইপিনে বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে ধীৰেন বড়োক এন ডি এফ বি প্ৰগতিশীল আৰু পিজেএচিবিএম নামৰ দুটা সংগঠনেও সহযোগ কৰিবলৈ আগবাঢ়ি অহাৰ কথা সদৰী কৰে । আনহাতে যি চৰকাৰে এনডিএফবিৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব তেনে চৰকাৰৰ লগত তেওঁলোকে কাম কৰিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰে ধীৰেন বড়োৱে ৷

উল্লেখ্য যে, এই সভাত প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, কেন্দ্ৰীয় যুৱ বিপিএফৰ সভাপতি সোমনাথ বসুমতাৰী, কেন্দ্ৰীয় যুৱ ইউ পি পি এলৰ সম্পাদক মনোজ বৰগয়াৰী লগতে নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা কৰ্মীৰ আৰু তিনি সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

Intro:বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা পথত ।
বাক্সাৰ তামুলপুৰৰ বানগুৰীত PJACBM সভাত নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা ধীৰেন বড়ো ।

Body:বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বানগুৰীৰ হৰিনাৰয়ণ এম ই স্কুল প্ৰাঙ্গণত PJACBM উদ্যোগত এক ৰাজুহুৱা সভাৰ আহ্বান কৰে । সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়োৱে । সুদীৰ্ঘ ৩৩ বছৰে সমাধান নহল বড়োসকলৰ সমস্যা কেৱল আলোচনাৰ নামত আলোচনা চলিল কিন্তু সমস্যা সমাধান নহল । সেয়ে বড়োসকলৰ দীঘদিনীয়া সমস্যাৰ সাংবিধানিক সুৰক্ষাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলাপ আলোচনাৰ বাবে নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ ধীৰেন বড়োৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনাত বহিবলৈ আগবাঢ়ি অহা বুলি আৰু এই আলোচনা ডিচেম্বৰ মাহত শেষ পৰ্যায়ত উপনীত হব বুলি জানিব পৰা গৈছে । লগতে বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে ধীৰেন বড়োক এন ডি এফ বি প্ৰগতিশীল আৰু PJACBM নামৰ দুটা সংগঠনেও সহযোগ কৰিবলৈ আগবাঢ়ি অহাৰ কথা সদৰী কৰে । ধীৰেন বড়োৱে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি এনডিএফ বি প্ৰগতিশীলৰ যিহেতু দীৰ্ঘদিনীয়া দাবী পৃথক ৰাজ্য সেয়েহে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে পৃথক ৰাজ্য দিয়াৰ ক্ষেত্ৰত কোনো মুখ খোলা নাই বুলি কয় । আনহাতে যি চৰকাৰে এনডিএফবিৰ সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়ি আহিব তেনে চৰকাৰৰ লগত আমি কাম কৰিবলৈ প্ৰস্তুত লাগিলে হাগ্ৰামা মহিলাৰী অথবা বিজেপি চৰকাৰ লগতো আমি কাম কৰিম বুলি কয় । আজিৰ এই সভাতে ইউপিপিএল দলৰ দহগৰাকী লোকে PJACBMৰ সমিতি গঠনত অংশগ্ৰহণ কৰে ।

Conclusion:উল্লেখ্য যে PJACMৰ নেতা যোগেন বসুমতাৰীয়ে পৰিচালনা কৰা আজিৰ সভাত উপস্থিত থাকে বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী , গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী,প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী,কেন্দ্ৰীয় যুৱ বিপিএফৰ সভাপতি সোমনাথ বসুমতাৰী, কেন্দ্ৰীয় যুৱ ইউ পি পি এলৰ সম্পাদক মনোজ বৰগয়াৰী লগতে নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা কৰ্মীৰ আৰু তিনি সহস্ৰাধিক স্থানীয় ৰাইজে উপস্থিত থাকে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Oct 25, 2019, 8:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.