ETV Bharat / state

জনগোষ্ঠীসমূহক জনজাতিকৰণৰ আশ্বাস সাংসদ নৱ শৰণীয়াৰ

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এতিয়া সাজু বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ৰাজনৈতিক নেতাসকলে জনসাধাৰণক আশ্বস্ত কৰিবলৈ এতিয়া অধিক সক্ৰিয়তাৰে নামি পৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত ৷ গণ সুৰক্ষা পাৰ্টীৰ নেতা তথা সাংসদ নৱ শৰণীয়ায়ো এতিয়া তৎপৰতাৰে সোমাই পৰিছে জনসাধাৰণৰ মাজত ৷ দি গৈছে এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি ৷

author img

By

Published : Sep 6, 2020, 10:53 AM IST

Naba Sarniya promised to include Koch Rajbangsi under 6 schedule
জনগোষ্ঠীসমূহক জনজাতিকৰণৰ আশ্বাস সাংসদ নৱ শৰণীয়াৰ

বাক্সা,6 ছেপ্তেম্বৰঃ শনিবাৰে জনপ্ৰিয় ইউটিবাৰ ‘তেলচুৰা’ৰ জিতেন মাষ্টৰ খ্যাত সদ্য প্ৰয়াত জিতুল সোণোৱালৰ বাসগৃহত গৈ উপস্থিত হয় কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ প্ৰায়ত সোণোৱালৰ তামুলপুৰস্থিত বাসগৃহত উপস্থিত হৈ সাংসদ গৰাকীয়ে সমবেদনা জ্ঞাপন কৰে পৰিয়ালৰ লোকসকলক ৷ সেই স্থানতেই সাংবাদিকৰে মুখামুখী হোৱাত সাংসদগৰাকীয়ে ক’লে, বিটিচিত বসবাস কৰা অনা বড়ো স্থানীয় লোকসকলৰ প্ৰধান সমস্যাৰ এটা হৈছে জনজাতিকৰণৰ সমস্যা ৷ যদিহে বিটিচিত বসবাস কৰা লোকসকলৰ বিশেষকৈ কোচ ৰাজবংশী লোকসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা নহয়, তেনেহ’লে জনগোষ্ঠীটোৱে সম অধিকাৰ লাভ কৰাৰ পৰা হ’ব বঞ্চিত ৷

ইয়াৰ উপৰিও কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মন্তব্য কৰি সাংসদ নৱ শৰণীয়াই ক’লে, KAC দিয়াৰ সময়তো তেতিয়াৰ বিটিচিৰ শাসকপক্ষ অৰ্থাৎ বিপিএফে বিৰোধীতা কৰিছিল যাৰ ফলস্বৰূপে বিটিচিত থকা কোচ ৰাজবংশী সকলক ইয়াৰ অন্তৰ্ভূক্ত নহ’ল ৷ BTR চুক্তিখনত জনজাতীয় লোকসকলক ভূমি সুৰক্ষা প্ৰদানৰ কথাও উল্লেখ কৰা হৈছে ৷

সাংসদগৰাকীয়ে লগতে ক’লে, আগন্তুক বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীৰ চৰকাৰ গঠন হ’লে জনজাতিকৰণৰ এই প্ৰক্ৰিয়া যিকোনো প্ৰকাৰে আৰম্ভ কৰাৰ উপৰিও 1000 কোটি টকা স্বায়ত্ব শাসিত অঞ্চসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা মুকলি কৰি অনাৰ আশ্বাস দিলে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷

লগতে পঢ়ক-জালুকবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই একাঠু বোকাত চাৰিচকীয়া বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.