বৰমা, ২৭ নবেম্বৰ : আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ চলা ঘটনা পৰিক্ৰমাৰ মাজতে বৃহস্পতিবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ২০ নং মঠনগুৰি পৰিষদীয় সমষ্টিৰ সন্মিলিত জনগোষ্ঠীৰ প্ৰাৰ্থী ইব্ৰাহিম আলীলৈ দ্ব্যৰ্থহীন সমৰ্থন ঘোষণা কৰিছে এ বি এমছুৰ শালবাৰী জিলা কমিটীয়ে । ২০ নং মঠনগুৰি পৰিষদীয় সমষ্টিৰ বাৰাপেটাত সাংসদ নৱকুমাৰ শৰণীয়াই সন্মিলিত জনগোষ্ঠীৰ প্ৰাৰ্থী ইব্ৰাহিম আলীৰ সমৰ্থনত চলোৱা এক নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁৰ উপস্থিতিত মুকলিভাবে এ বি এমছুৰ এই সমৰ্থনৰ কথা ঘোষণা কৰিছে এ বি এমছুৰ শালবাৰী জিলা কমিটীৰ সভাপতি ছাইজুদ্দিন খণ্ডকাৰে ।
তেওঁ সংগঠনটোৰ শালবাৰী মহকুমাৰ অন্তৰ্গত সকলো আঞ্চলিক আৰু শাখা কমিটীক সন্মিলিত জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰোৱাৰ বাবে কাম কৰিবলৈ মুকলি আহ্বান জনাইছে । সন্মিলিত জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকী বিজয়ী হলেহে তেওঁলোকে ন্যায়, নিৰাপত্তা পাব বুলিও দোহাৰে । আনহাতে সাংসদ নৱকুমাৰ শৰণীয়াই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বি টি আৰ চুক্তি কৰাৰ সময়ত ইউ পি পি এল নেতা প্ৰমোদ বড়োৱে এবাৰলৈ হ’লেও অবড়ো সংগঠনসমূহৰ মতামত লৈছিলনে বুলি প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, প্ৰমোদ বড়োৱে যদি অবড়োসকলৰ ভৱিষ্যতৰ কথা এবাৰলৈ হ'লেও চিন্তা কৰিলে হেতেন তেওঁ নিশ্চয় চুক্তি কৰাৰ সময়ত অবড়োসকলৰ সমস্যাসমূহৰ কথা ভাবিলেহেতেন । গভীৰ ক্ষোভেৰে শৰণীয়াই কয় যে, প্ৰমোদ বড়োক এতিয়া নিৰ্বাচন জিকাৰ কাৰণে অবড়োৰ ভোট লাগে ।
কিন্তু অবড়োসকলৰ চাকৰিৰ সমস্যাৰ ক্ষেত্ৰত, শ্বহীদক ক্ষতিপূৰণ দিয়াৰ সময়ত, দীৰ্ঘদিনীয়া ভূমি সমস্যাৰ ক্ষেত্ৰত তেওঁ এই কথা চিন্তা কৰিছিলনে ? বড়ো-অবড়োক লৈ খেল আমি খেলিছো নেকি ? খেল তেওঁলোকেই খেলিছিল । তেওঁ অহা ২০২৫ চনত 'আমাৰ দলৰেই চীফ হ'ব' বুলিও আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰণীয়াই । ২৮ ৰ পৰা ৩২ খন আসন অধিকাৰ কৰি এইবাৰ নিৰ্বাচনত বি টি চি পৰিষদ তেওঁলোকেই দখল কৰিব বুলিও তেওঁ মন্তব্য কৰে । পৰিষদ দখল কৰিলে অঞ্চলটোৰ নদীসমূহৰ তলি ড্ৰেজাৰেৰে খান্দি অঞ্চলটোৰ বান-গৰাখহনীয়াৰ সমস্যাটোৰ সমাধান কৰাৰ লগতে বন্য জীৱ-জন্তুৱে খেতি তহিলং কৰা সমস্যাটো ৰোধ কৰাৰ লগতে নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ এলানি আঁচনি গ্ৰহণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক : অভয়াপুৰী হত্যাকাণ্ড : ই-ৰিক্সাৰ বেটাৰীৰ বাবেই চালকক অপহৰণ কৰি হত্যা !