ETV Bharat / state

বাক্সাত ডাইনী সন্দেহত মৰিয়াই এজনক হত্যা

author img

By

Published : May 25, 2021, 7:56 AM IST

বাক্সাৰ কুমাৰীকাটাত সোমবাৰে দিনৰ ভাগত ডাইনী সজাই লাঠিৰে মৰিয়াই মৰিয়াই এজন লোকক হত্যা কৰে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হোৱাৰ পাচত আৰক্ষী বিষয়া নীলভজ্যোতি নাথক আক্ৰমণ কৰে আৰু আৰক্ষীৰ বাহনত বিস্তৰ ক্ষতিসাধন কৰে ৷ ঘটনা সন্দৰ্ভত পাঁচজনক আটক আৰক্ষীৰ ৷

murder of a witch suspect in baksa
বাক্সাত ডাইনী সন্দেহত হত্যা

বাক্সা,25 মে’: বাক্সা জিলাৰ কুমাৰীকাটাত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত আংগাৰকাটাৰ বৈগ্ৰীবাৰীত ডাইনী সজাই ৰাইজে এজনক হত্যা কৰা বুলি জানিব পৰা গৈছে ৷ ডাইনীৰ সন্দেহত বীৰেন বড়ো (50) নামৰ লোকজনক মৰিয়াই মৰিয়াই হত্যা কৰা হয় ৷

ঘটনা অনুসৰি, সোমবাৰে দিনৰ ভাগত গাঁৱখনত ৰাইজে সভা অনুষ্ঠিত কৰি বীৰেন বড়োক ডাইনী সজাই লাঠীৰে কোবাই আৰু ঘুচিয়াই মাৰধৰ কৰি আছিল । উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী উপস্থিত হয় ৷

বাক্সাত ডাইনী সন্দেহত হত্যা

আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰাৰ সময়তে আৰক্ষী বিষয়া নীলভজ্যোতি নাথক আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহনত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে একাংশ উত্তেজিত লোকে । ডাইনী সন্দেহত আক্ৰমণ কৰা লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত লোকজনৰ মৃত্যু হয় ।

আনহাতে স্থানীয় লোকে বীৰেন বড়োৰ ঘৰ-দুৱাৰো ভাঙি ক্ষতিসাধন কৰে । স্থানীয় ৰাইজৰ আক্ৰমণত বড়োৰ পৰিয়ালৰ আন সদস্যসকলে কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পাচতে ঘটনাস্থলীত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন কলিতা আৰু দণ্ডাধীশ ৰূপকমল ৰাভা উপস্থিত হয় । দণ্ডাধীশৰ উপস্থিতিতে পুনৰ আৰক্ষীক আক্ৰমণ কৰে উত্তেজিত স্থানীয় ৰাইজে । ফলত আৰক্ষীয়ে ৰাইজক ছত্ৰভংগ দিবলৈ লাঠীচালনা কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত পাঁচজনক আটক কৰি সোধা-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : তিনিচুকীয়াৰ মুংগং পথাৰত আটক 4 ড্ৰাগছ আৰু কানি সেৱনকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.