ETV Bharat / state

মুছলপুৰক কৰা হ’ব পূৰ্বতকৈ অধিক উন্নত : প্ৰমোদ বড়ো - Cultural Building

বৃহস্পতিবাৰে নিজ সমষ্টি পৰিদৰ্শনৰ বাবে মুছলপুৰত উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷ বাক্সা জিলাৰ সদৰ মুছলপুৰত উপস্থিত হৈ আগতকৈ মুছলপুৰক আৰু অধিক উন্নত কৰা হ'ব বুলি উল্লেখ কৰে ৷

Muchalpur will be further improved on BTC days than ever before
বিটিচিৰ দিনত আগতকৈ মুছলপুৰক আৰু অধিক উন্নত কৰা হ'ব: প্ৰমোদ বড়ো
author img

By

Published : Jun 17, 2021, 7:13 PM IST

Updated : Jun 17, 2021, 8:05 PM IST

বাক্সা,১৭ জুন: বৃহস্পতিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ৷ নিজ সমষ্টি পৰিদৰ্শনৰ বাবে মুছলপুৰত উপস্থিত হৈ প্ৰমোদ বড়োৱে কয়, বাক্সা জিলাৰ সদৰ মুছলপুৰক আৰু অধিক উন্নত কৰিবৰ বাবে সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ সাংস্কৃতিক দিশত জিলাখনক আগুৱাই নিয়াৰ বাবে সাংস্কৃতিক ভৱনটো আৰু অধিক উন্নত কৰাৰ লগতে মুছলপুৰত আলহী জিৰণি চ'ৰা বনোৱাৰ কাৰণেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই জিৰণি চ'ৰাৰ কাষতে কন কন শিশুসকলৰ বাবে উদ্যান নিৰ্মাণৰ কামো হাতত লোৱা হ'ব বুলি সংবাদ মাধ্যমৰ আগত কাৰ্যবাহী গৰাকীয়ে মন্তব্য কৰে ৷

মুছলপুৰক কৰা হ’ব পূৰ্বতকৈ অধিক উন্নত : প্ৰমোদ বড়ো

আনহাতে, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে, বাক্সা জিলাখন পূৰ্বতকৈ আৰু অধিক উন্নত কৰাৰ কাৰণে চৰকাৰে কাম কৰি যাব। ইতিমধ্যে সকলো কামৰ প্ৰতিবেদন প্ৰস্তুতৰ কাম হাতত লোৱা হৈছে ৷ উল্লেখ্য যে, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে মুছলপুৰৰ লগতে জিলাখনৰ বিভিন্ন স্থানলৈ গৈ কেইবাখনো গাঁও, দলং, ৰাস্তা-ঘাট, খোৱাপানী আদিৰ অৱস্থা নিৰীক্ষণ কৰে ৷

লগতে পঢ়ক: এইবাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ ৰমেন ডেকা

Last Updated : Jun 17, 2021, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.